NORTHEAST NOW (Assamese)
অসম

স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 14, 2020 8:58 pm
_president-ram-nath-kovind-

৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিয়ে।

ভাষণত কোবিন্দে ক’ৰ’ণা যুদ্ধত প্ৰাণাহুতি দিয়া কোভিড যোদ্ধা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মহামানৱ মহাত্মা গান্ধীৰ প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতি কোবিন্দে কয় যে দেশৰেই সৌভাগ্য যে দেশে স্বাধীনতা সংগ্ৰামক নেতৃত্ব দিয়াৰ বাবে মহাত্মা গান্ধীৰ দৰে নেতা এগৰাকীক পাইছিল।

গান্ধীজীৰ আদৰ্শ এতিয়া বিশ্বই অনুসৰণ কৰা বুলিও তেওঁ মন্তব্য কৰে। কোবিন্দে কয় যে পৰিবেশ সুৰক্ষাৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো ক্ষেত্ৰতে মহাত্মাৰ প্ৰাসংগিকতা আহি পৰিছে।

তেওঁ নিজৰ জীৱনকো তুচ্ছ কৰি কোভিড যুদ্ধৰ সন্মুখৰ যোদ্ধা হিচাবে কাম কৰা চিকিৎসক,নাৰ্ছ,চিকিৎসাকৰ্মী সকলৰো শলাগ লয়।

চীনৰ নাম উল্লেখ নকৰাকৈ কোবিন্দে চীনৰ দৰে দেশৰ আগ্ৰাসনবাদ সহ্য কৰা নহব বুলি সঁকিয়াই দিয়ে।

জনতাৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথাও কোবিন্দে তেওঁৰ ভাষণত উল্লেখ কৰে।

কোবিন্দে কয় যে দুখীয়া লোক সকলক চৰকাৰৰ ৰেছন নীতিয়ে উপকৃত কৰিছে।

ৰাম মন্দিৰৰ প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায় সকলোৱে মানি লোৱাত সন্তোষ প্ৰকাশ কৰে।