NORTHEAST NOW (Assamese)
অসম

২০২১ ৰ নিৰ্বাচনত প্ৰাৰ্থী আৰু ভোটাৰৰ বাবে কি কি নিয়ম প্ৰযোজ্য হ’ব? জনালে মুখ্য নিৰ্বাচনী আয়ুক্তই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 20, 2021 2:23 pm
press meet of chief election commissioner at Guwahati

 

হোটেল ৰেডিচন ব্লুত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তই আজি অনুষ্ঠিত কৰে এখন সংবাদমেল।

মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই সম্বোধন  কৰে এই সংবাদমেল । সংবাদমেলত তেওঁৰ লগতে  উপস্থিত থাকে  নিৰ্বাচন আয়ুক্তদ্বয় সুশীল চন্দ্ৰা আৰু ৰাজীব কুমাৰো।

৩দিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা নিৰ্বাচনী আয়োগৰ দলে কোন কোন ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰিলে সেই সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে।

বিহুৰ আগতেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ নেতাই নিৰ্বাচনী আয়োগ আহ্বান জনাইছে।

আগন্তক নিৰ্বাচন সুকলমে পাৰ হব পৰাকৈ  আৰক্ষীৰ বিভিন্ন উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতো আলোচনাত মিলিত হৈছিল নিৰ্বাচনী আয়োগৰ দলটো।

কভিড প্ৰট’কল অনুসৰি ভোটকেন্দ্ৰ বৃদ্ধিৰো আহ্বান।

এহেজাৰ ভোটাৰ থকা ভোটকেন্দ্ৰৰ ওচৰতে স্থাপন কৰা হ’ব নতুন ভোটকেন্দ্ৰ।

স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গ্ৰহণ কৰা হ’ব প্ৰয়োজনীয় পদক্ষেপ।

১টা ৰাজনৈতিক দলে নিৰ্বাচনী আয়োগক আহ্বাহন জনাইছিল যে বেলট পেপাৰত নিৰ্বাচন হোৱাটো।

৩১ মেত উকলিব নিৰ্বাচনী অধিসূচনাৰ দিন।

বৰ্তমান চৰকাৰৰ কাৰ্যকাল, বিহু,দেৱালী,পৰীক্ষা আদিৰ বিষয়তো গুৰুত্ব দিবলগীয়া হৈছে।

নিৰ্বাচনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈ উঠিছে বুলি তেওঁ কয়।

টীম অসম’ নিৰ্বাচনৰ বাবে সাজু বুলি মন্তব্য কৰে অৰোৰাই।

ৰাজ্যৰ নিৰ্বাচন এইবাৰো ইভিএমৰ জৰিয়তে অনুষ্ঠিত হ’ব বুলি তেওঁ জনায়।

নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে নিয়োগ কৰা হ’ব পৰ্যবেক্ষক।
বিশেষ পৰ্যবেক্ষকো নিয়োগ কৰা হ’ব।

ইতিমধ্যে ১৮ জানুৱাৰীত প্ৰকাশ কৰা হৈছে চূড়ান্ত ভোটাৰ তালিকা।

ভূমি মহলাত স্থাপন কৰা হ’ব প্ৰতিটো ভোটকেন্দ্ৰ।
বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা থাকিব ভোটকেন্দ্ৰসমূহত।

প্ৰাৰ্থীয়ে অনলাইন পদ্ধতিৰে সংগ্ৰহ কৰিব পাৰিব মনোনয়ন পত্ৰ।

প্ৰাৰ্থী সহ পাঁচজনেহে ঘৰে ঘৰে যাব পাৰিব নিৰ্বাচনী প্ৰচাৰত।

ৰোড শ্ব’ৰ ক্ষেত্ৰত নাথাকিব কোনো বাধা। জিলা পৰ্যায়ত নিৰ্বাচনী ব্যয় নিৰীক্ষণ কৰিব উপায়ুক্তই। ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি সুস্থিৰ
ছ’ছিয়েল মিডিয়াৰ ওপৰতো ৰখা হ’ব কঠোৰ নিৰীক্ষণ।

বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্পষ্ট  ইংগিত দিলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে।

NRC ত নাম নাথাকিলেও ভোটদানৰ সুবিধা পাব, যদিহে ভোটাৰ তালিকাত নাম থাকে।