NORTHEAST NOW (Assamese)

এই দেশতে ৰাস্তাত ঘূৰি ফুৰিছে এজাক সিংহ! ভাইৰেল ভিডিঅ’ দেখি চকু কপালত নেটিজেনৰ

February 16, 2023 2:44 pm · এন ই নাও নিউজ, নতুন দিল্লী

কাহিনী নহয়, সঁচা ঘটনা! ৰাস্তাত ঘূৰি ফুৰিছে বনৰ ৰজা! তাকো এটা দুটা নহয় , একেবাৰে এজাক। একেলগে আঠটা সিংহ। ৰাস্তাটো যেন তেওঁলোকৰহে এলেকা-মানে লায়নছ লেণ্ড! কেৱল তেওঁলোকৰহে তাত বিচৰণ কৰাৰ অধিকাৰ আছে। এনে এক গৰ্বিত ভংগীত দেখা গৈছিল সিংহৰ দলটোক।

শেহতীয়াকৈ, আইএফএছ বিষয়া সুশান্ত নন্দাই এনে এটা ভিডিঅ’ টুইট কৰিছে। য’ত দেখা গৈছে যে সিংহৰ এটা দল জনবসতিপূৰ্ণ এলেকাৰ মাজৰ এটা ঠেক ৰাস্তাত ঘূৰি আছে।

ভিডিঅ’টো গুজৰাটত গ্ৰহণ কৰা বুলিও তেওঁ জনাইছে। দেখা গৈছে যে অলপ সময়ৰ পিছত এজন বাইক আৰোহী সেই ৰাস্তাত আগবাঢ়ি আহিছে। বাইকখনৰ শব্দত সিংহৰ দলটোৱে ততালিকে অঞ্চলটো এৰি আন ঠাইলৈ গুচি গৈছে।

মাত্ৰ কেইছেকেণ্ডৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকল হতবাক হৈ পৰিছে। বহুলোকে ভাবিছে যে যদি তেওঁলোকেও মাজনিশা ৰাস্তাত এনে ঘটনাৰ সন্মুখীন হয় তেন্তে কি হ’ব?

Related News