NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ ৰাজপথত প্ৰাথমিক শিক্ষকৰ উত্তাল প্ৰতিবাদ

Posted by: পাৰ্শ্বজ্যোতি গগৈ February 26, 2019 10:20 pm

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো প্ৰতিবাদী শোভাযাত্ৰা আৰু জেলভৰো কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ কেইবা সহস্ৰাধিক প্ৰাথমিক শিক্ষকে মঙলবাৰে শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত থকা শিক্ষক ভৱনৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদী শিক্ষকসকলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা গ্ৰেড পে আদায় দিয়া, কৰ্মৰত প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়া, কৰ্মৰত সকলো ঠিকা ভিত্তিক শিক্ষকৰ পদসমূহ বিনাচৰ্তে নিয়মীয়াকৰণ কৰা, চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰা, বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰি প্ৰাপ্ত দৰমহা আদায় দিয়া, ২০১৭ চনৰ বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা, শিক্ষা আয়োগ গঠন কৰা আৰু পুৰণা পেঞ্চন নীতি বাহাল ৰখাকে ধৰি মুঠ ১২ টা দাবীত প্ৰতিবাদী শোভাযাত্ৰা আৰু জেল ভৰো কাৰ্যসূচী ৰূপায়ণ কৰে।

অসমৰ প্ৰতিখন জিলাতে আজি হাজাৰ হাজাৰ শিক্ষকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে,  এই প্ৰতিবাদৰ পাছতো চৰাকাৰে গা এৰা মনোভাৱ গ্ৰহণ কৰিলে অনিৰ্দিষ্ট কাললৈ শিক্ষক সকলে বিদ্যালয় তলাবন্ধ কাৰ্য্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে।