NORTHEAST NOW (Assamese)
অসম

চাকৰি থাকিলেই নহ’ব, পুনৰ আন্দোলন কৰিব টেট শিক্ষকে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 23, 2019 8:11 pm
Primary TET teachers' Assam: Regularisation, not continuation of service, is our demand

অসমৰ টেট শিক্ষকসকলৰ প্ৰমাণ পত্ৰৰ ম্যাদ আৰু চাকৰি বাহাল থাকিব বুলি শিক্ষা বিভাগে দিয়া শেহতীয়া নিৰ্দেশনায়ো তেওঁলোকক সন্তুষ্ট কৰিব পৰা নাই।

এক বিবৃতিযোগে এই কথা জনাইছে সমাজেৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদ আৰু দ্বীপাৰ্ণৱ ঘোষে।

ৰচিদ-ঘোষ স্বাক্ষৰিত বিবৃতিত প্ৰকাশ, চাকৰি বাহাল নহয়, নিয়মীয়াকৰণহে তেওঁলোকৰ দাবী।

তেওঁলোকে আগন্তুক বিধানসভা অধিৱেশনতে টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাইছে।

“অনথ্যা আমি পুনৰ ৰাজপথলৈ ওলাই আহি শিক্ষক সমাজে গণতান্ত্ৰিক আন্দোলনৰ পন্থা হাতত ল’বলৈ বাধ্য হ’ম,” তেওঁলোকে কয়।

লগতে পঢ়ক– নিয়মীয়া হোৱাৰ পথত অসমৰ ৪১ হাজাৰ টেট শিক্ষকৰ চাকৰি

সোমবাৰে ৰাজ্যৰ শিক্ষা বিভাগে টেট শিক্ষকৰ চাকৰি সম্পৰ্কীয় নিৰ্দেশ (PMA. 160/2018/235)টো জাৰি কৰিছিল।

কিন্তু টেট শিক্ষক সমাজৰ মত হৈছে, “আমাৰ একমাত্ৰ দাবীটোৱেই হ’ল বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰিৰ নিয়মীয়াকৰণ কৰা। এনে পৰিপ্ৰেক্ষিতত নতুন বিজ্ঞাপনত আৱেদন কৰাৰ সুবিধা প্ৰদান আৰু চাৰ্টিফিকেটৰ ম্যাদ বঢ়োৱাটোৱেই সমস্যাৰ সমাধান নহয়। বিজ্ঞাপনত আৱেদন কৰাটো কেতিয়াও আমাৰ দাবী হ’ব নোৱাৰে।”

ৰাজ্যৰ শিক্ষা বিভাগৰ অতিৰিক্ত প্ৰধান সচিব মুনিন্দৰ সিঙে জাৰি কৰা নিৰ্দেশটোত টেট উত্তীৰ্ণ শিক্ষকসকলে পুনৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈয়ে তেওঁলোকৰ চাকৰি বাহাল থাকিব বুলি উল্লেখ কৰিছিল।

লগতে নিয়মীয়া নোহোৱালৈকে টেট চাৰ্টিফিকেটৰ ম্যাদ বাহাল থাকিব বুলিও নিৰ্দেশনাত উল্লেখ কৰিছিল।