NORTHEAST NOW (Assamese)
অসম

চামগুৰি আৰু পুৰণিগুদামতো জ্বলিল প্ৰধান মন্ত্ৰীৰ প্ৰতিকৃতি

Posted by: বিদ্যুত জ্যোতি বৰা February 10, 2019 7:07 am
WhatsApp Image 2019-02-10 at 6.25.56 AM

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি আহ্বান কৰা বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ অংশস্বৰূপে শনিবাৰে নগাঁও জিলাৰ চামগুৰি আৰু পুৰণিগুদাম অঞ্চলিক ছাত্ৰ সন্থাই নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চামগুৰি তিনি আলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শতাধিক স্থানীয় লোকৰ সহযোগত প্ৰধান মন্ত্ৰীৰ  প্ৰতিকৃতি দাহ কৰি ‘নৰেন্দ্ৰ মোডী হায় হায়’ শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অসম বিৰোধী কাৰ্য্যকলাপৰ পৰা নৰেন্দ্ৰ মোদীক আঁতৰি থকাৰ বাবে সকীয়নি প্ৰদান কৰে।

আনহাতে, পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থায়ো অনুৰূপ ধৰণে শনিবাৰে পুৰণিগুদামৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত  প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে এইদৰে অব্যাহত আছে প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ উপৰিও ৰাজ্যৰ আন আন দল সংগঠনেও বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়ক বাতিলৰ দাবী জনাইছে।