NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সম্পৰ্কত মুখ্য মন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2019 4:45 pm
Modi And Sonowal with conversation

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে বুজ লোৱাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে টেলিফোনিক বাৰ্তালাপত অংশগ্ৰহণ কৰে। টেলিফোনিক বাৰ্তালাপাৰ সময়ত মুখ্য মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক শেহতীয়া বানপানীৰ ফলশ্ৰুতিত ৰাজ্যখনৰ বিভিন্ন জিলাৰ কৃষি ভূমিকে ধৰি বিস্তৃৰ্ণ এলেকা প্লাৱিত হোৱাৰ বিষয়েও অৱগত কৰে।সোণোৱালে শেহতীয়া বান পৰিস্থিতি মোকাবিলা কৰাৰ দিশত ৰাজ্য চৰকাৰে গ্ৰহণকৰা বিভিন্ন পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

মুখ্য মন্ত্ৰীয়ে প্রধান মন্ত্ৰীক অৱগত কৰে যে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্য মন্ত্ৰীয়ে শেহতীয়া বান পৰিস্থিতি সম্পৰ্কে নিজেও পৰ্যবেক্ষণ কৰি থকাৰ লগতে এই সম্পৰ্কত সকলো জিলাৰ উপায়ুক্তৰ লগতে জিলা সমূহৰ বিভিন্ন চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মত-বিনিময় কৰিছে বুলি প্ৰধান মন্ত্ৰীক অৱগত কৰে। বানপীড়িত এলেকাৰ উদ্ধাৰ আৰু সাহায্য অভিযান দ্ৰুত কৰি তোলা হৈছে বুলিও সোণোৱালে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে।

মুখ্য মন্ত্ৰীয়ে কয় যে সকলো জিলা প্রশাসনক ইতিমধ্যে সষ্টম হৈ থকাৰ বাবে নিৰ্দেশ দিয়া হৈছে। বানপীড়িত সাহায্য আৰু উদ্ধাৰ অভিযানত প্ৰশাসনক সকলো ধৰণৰ সহায়-সহযোগিতা তথা এই অভিযানত নিজকে সক্ৰিয়ভাৱে জড়িত হোৱাৰ বাবে ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ, বিধায়ক, পঞ্চায়ত তথা অন্যান্য নিকায়ৰ জনপ্ৰতিনিধি সকলক ইতিমধ্যে আহ্বান জনোৱা হৈছে বুলি সোণোৱালে মোদীক অৱগত কৰে। ইতিমধ্যে নিৰ্বাচিত জনপ্ৰতিনিধি সকলে বানাক্ৰান্ত অঞ্চল সমূহত উদ্ধাৰ তথা সাহায্য বিতৰণ কাৰ্য্যসূচীত সক্ৰিয়ভাবে জড়িত হৈ আছে বুলি মুখ্য মন্ত্ৰীয়ে প্রধান মন্ত্ৰীক জনায়।

বাৰ্তালাপৰ সময়ত মুখ্য মন্ত্ৰীয়ে কয় যে সকলো জিলাতে ২৪ ঘণ্টাই বান নিয়ন্ত্ৰণ কক্ষ সক্ৰিয়কৰণ, বানাক্ৰান্ত অঞ্চল সমূহত প্ৰদান কৰা সাহায্য আৰু উদ্ধাৰ অভিযান, চিকিৎসা সেৱা, কাজিৰঙাকে ধৰি অন্যান্য বনাঞ্চলৰ বন্যপ্ৰাণীৰ সুৰক্ষা ব্যৱস্থা, পশুধনৰ বাবে খাদ্য সামগ্ৰী প্ৰদান ইত্যাদিৰ সম্পৰ্কত লোৱা ব্যৱস্থা সম্পৰ্কেও প্ৰধানমন্ত্ৰীক অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে মুখ্য মন্ত্ৰীক বান পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক প্ৰয়োজনীয় সকলো ধৰণৰ সহায়-সহোযোগিতা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে বান ক্ষতিগ্ৰস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে কৰাটো নিশ্চিত কৰিবলৈ মুখ্য মন্ত্ৰীক কয়।