NORTHEAST NOW (Assamese)

বৃহস্পতিবাৰে পুনৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধান মন্ত্ৰী মোদীয়ে

April 10, 2019 10:42 pm · এন ই নাও নিউজ
নৰেন্দ্ৰ মোদীৰ ফাইল ফটো। ছবি- ইউ বি।

কাইলৈ অৰ্থাৎ ১১ এপ্ৰিলত শিলচৰৰ ৰামনগৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমত উপস্থিত হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

বৃহস্পতিবাৰে বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ’ব লগা এই সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ প্ৰাৰ্খী ৰাজদ্বীপ ৰয় আৰু কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ হৈ প্ৰচাৰ চলাব।

আনহাতে মোদীৰ উপস্থিতিক লৈ শিলচৰৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। নিৰাপত্তাজনিত কাৰণত মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ লগতে চিআৰপিএফ, চি আই এছ এফৰ জোৱান।

প্ৰাপ্ত তথ্য মতে বিয়লি প্ৰধান মন্ত্ৰীগৰাকী শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰৰ পৰা হেলিকপ্টাৰেৰে ৰামনগৰত প্ৰৱেশ কৰিব। প্ৰধান মন্ত্ৰীগৰাকীৰ প্ৰৱেশৰ বাবে মঞ্চৰ পৰা ১০০ মিটাৰ দূৰত এখন হেলিপেডৰো ব্যবস্থা কৰা হৈছে।

Related News