NORTHEAST NOW (Assamese)
অসম

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 21, 2021 8:38 pm
Jerenga Modi

আহোমৰ যুগৰে পৰা ঐতিহ্য বহন কৰি অহা শিৱসাগৰৰ এখন ঐতিহ্যমণ্ডিত ঠাই ‘জেৰেঙা পথাৰ’। জয়সাগৰত জয়দৌলৰ কাষৰে পৰা আৰম্ভ হোৱা এই জেৰেঙা পথাৰৰে সতী জয়মতীৰ এক দুখলগা কাহিনী বিজড়িত হৈ আছে।

এই জেৰেঙা পথাৰতে সতী জয়মতীক ল’ৰা ৰজাৰ নিৰ্দেশ মৰ্মে চাওদাঙে শাস্তি বিহিছিল। স্বামী গদাপানিৰ সন্ধান নিদিয়াৰ বাবেই কোটোহা গছত বান্ধি সতী জয়মতীক কেইবাদিনো একেৰাহে শাস্তি বিহিছিল চাওদাঙে।

অৱশেষত মৃত্যুক আঁকোৱালি লৈছিল জয়মতীয়ে তথাপি তেওঁ স্বামীৰ সন্ধান দিয়া নাছিল।

তাৰ পাছৰে পৰা সেই ঐতিহ্য বিজড়িত পথাৰখনে প্ৰায় ৩৪০ বছৰ শিৱসাগৰৰ ঐতিহ্যৰ ধ্বজ্জা বহন কৰি আহিছে।

উক্ত পথাৰখনতে এক চৰকাৰী অনুষ্ঠানত ভাগ ল’ব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যাক লৈ এতিয়া বিভিন্ন মহলত তুমুল চৰ্চা লাভ কৰিছে বিষয়টোৱে।

খিলঞ্জীয়াৰ ভূমি অধিকাৰ সু-নিশ্চিত কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জেৰেঙা পথাৰতে বিতৰণ কৰিব ১.০৬ লাখ লোকক ভূমি পট্টা আৰু আৱন্টন পত্ৰ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, ইতিহাস প্ৰসিদ্ধ এই জেৰেঙা পথাৰলৈ স্বাধীনোত্তৰ কালৰ ভাৰতৰ প্ৰধান মন্ত্ৰীসকলৰ ভিতৰত নৰেন্দ্ৰ মোদী প্ৰথমবাৰলৈ আহিব।

কিন্তু প্ৰশ্ন হৈছে এই জেৰেঙা পথাৰৰ ঐতিহ্য তথা ইতিহাস বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব নে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ পাছতে ফেইচবুক অথবা টুইটাৰত সৰ্বাধিক অনুসৰণকাৰী থকা ব্যক্তি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

নিশ্চয়কৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণ নিজৰ ফেইচবুক পেইজৰ জৰিয়তে তথা য়ু-টিউবৰ জৰিয়তে প্ৰচাৰ কৰিব।

যদিহে ভাষণ প্ৰসংগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেৰেঙা পথাৰৰ ঐতিহ্যৰ বিষয়ে কিছু কথা ৰাখে তেন্তে নিশ্চয়কৈ সমগ্ৰ বিশ্বই এই কথা জানিব বুলি বহুসংখ্যকে চৰ্চা কৰিছে।

ইপিনে, শিৱসাগৰৰ এনে এক ঐতিহ্য ক্ষেত্ৰ নিৰ্বাচন কৰি খিলঞ্জীয়াক ভূমিপট্টা প্ৰদানৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ জনোৱাটোৱে নিশ্চয়কৈ এক ইতিবাচক বাৰ্তা বহন কৰিছে।

তাৰ বিপৰীতে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে চৰকাৰে কাম-কাজ কৰাৰ অভিযোগ তুলি উক্ত দিনটোত জাতীয় দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলোৱাটোৱে নিশ্চয়কৈ নেতিবাচক দিশ এটাৰো সূচনা হৈছে।

খিলঞ্জীয়া লোকসকলৰ দাবীসমূহ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিদৰে গ্ৰহণ কৰে বা ইতিবাচকভাৱে লয় নে নলয় সেয়া সময়ত লক্ষণীয় হ’ব।

ঠিক সেইদৰে ঐতিহ্যমণ্ডিত শিৱসাগৰ গুৱাহাটীৰ সমান্তৰালকৈ ‘কা’ বিৰোধী আন্দোলনৰ পৃষ্ঠভূমি হিচাপে গঢ় লৈ উঠিছিল। ২০১৯ চনৰ ডিচেম্বৰ মাহত শিৱসাগৰতো কা আন্দোলনৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল।

তেনেক্ষেত্ৰত কা বিৰোধী জনসাধাৰণক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বক্তৱ্যৰ জৰিয়তে কি ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে তাৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ থাকিব।

মুঠৰ ওপৰত ঐতিহ্য বিজড়িত জেৰেঙা পথাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমণে ইতিবাচক বা নেতিবাচক দুয়োটা দিশেই পোহৰলৈ আনিছে। তাৰ মাজতে প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ভাষণত জেৰেঙা পথাৰক কিদৰে উপস্থাপন কৰে সেয়া লক্ষণীয় হ’ব।