NORTHEAST NOW (Assamese)

COVID-19 ত আক্ৰান্ত হৈ স্পেইনৰ ৰাজকুমাৰী মাৰিয়া টেৰেচাৰ মৃত্যু

March 29, 2020 12:22 pm · এন ই নাও নিউজ
স্পেইনৰ ৰাজকুমাৰী মাৰিয়া টেৰেচা। ফটো: টুইটাৰ

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত স্পেইনৰ ৰাজকুমাৰী মাৰিয়া টেৰেচাৰ মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ।

ৰাজকুমাৰীৰ মৃত্যু যোৱা ২৬ মাৰ্চত হয়। COVID-19 ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছত তেওঁৰ চিকিৎসা চলি আছিল।

গোটেই বিশ্বতে কোনো ৰাজপৰিয়ালৰ ব্যক্তিৰ মৃত্যুৰ এইটো প্ৰথম ঘটনা।

দেশ-বিদেশৰ বহু লোক এই ভাইৰাছৰ গ্ৰাসত বহু লোক আক্ৰান্ত হৈছে যদিও মৃত্যুৰ ঘটনাৰ ক্ষেত্ৰত স্পেইনৰ পৰা এইটো এটা ডাঙৰ খৱৰ পোহৰলৈ আহিছে।

উল্লেখ্য যে য়ুৰোপৰ দেশসমূহৰ ভিতৰত ইটালীৰ পাছতে স্পেইনত কৰ’না ভাইৰাছে আটাইতকৈ বেছি ক্ষতি কৰিছে।

ৰাজকুমাৰীৰ ভাতৃয়ে দিয়া এটা ফেচবুক প’ষ্টত কোৱা হৈছে যে কৰ’না পজিটিভ পোৱাৰ পোৱা ৮৬ বছৰীয়া ৰাজকুমাৰীৰ পেৰিচত মৃত্যু হয়। শুকুৰবাৰে মাদ্ৰিদত তেওঁৰ অন্তিম সৎকাৰ কৰা হয়।

ৰাজকুমাৰী মাৰিয়া টেৰেচাৰ জন্ম ১৯৩৩চনত পেৰিচত হৈছিল। ফ্ৰান্সত পঢ়াশুনা কৰা ৰাজকুমাৰীয়ে বিশ্ববিদ্যালয়ত অধ্যাপনাও কৰিছিল।

বিদেশী মিডিয়াৰ বাতৰি অনুসৰি, ৰাজকুমাৰী মাৰিয়া টেৰেচাক ৰেড প্ৰিন্সেছ নামেৰেও জনা গৈছিল কিয়নো তেওঁৰ বিচাৰধাৰা কিছু পৃথক আছিল আৰু সামাজিক কামকাজত বিশেষভাৱে জড়িত হৈ পৰিছিল।

Related News