NORTHEAST NOW (Assamese)
অসম

জি এম চি এইচৰ অধ্যক্ষ, অধীক্ষকক বদলি; এজন অধ্যাপকক নিলম্বন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 9, 2020 10:16 pm
GMCH assam

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰ আৰু অধ্যক্ষ ডাঃ ৰত্ন তালুকদাৰক বদলি কৰা হৈছে।

ডাঃ ৰত্ন তালুকদাৰৰ সলনি NHMৰ ED ডঃ অচ্যুত বৈশ্যক দিয়া হৈছে GMCHৰ অধ্যক্ষৰ দায়িত্ব।

ডাঃ ৰমেন তালুকদাৰক লখিমপুৰ মেডিকেল কলেজলৈ বদলি কৰা হৈছে। তেওঁৰ ঠাইত ডাঃ অভিজিত শৰ্মাক দিয়া হৈছে অধীক্ষকৰ দায়িত্ব।

ডাঃ ৰত্ন তালুকদাৰক অধ্যক্ষৰ পদৰ সলনি প্ৰসূতি বিভাগৰ অধ্যাপক পদলৈ বদলি কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত জনাইছে এই কথা।

GMCHৰ মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ ধীৰাজ দাসক নিলম্বন কৰা হৈছে বুলি তেওঁ জনায়।

আজি পুৱাৰে পৰা ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই GMCHত চৰজমিন তদন্ত কৰি প্ৰতিবেদন দাখিল কৰে।

সেই প্ৰতিবেদনৰ ভিত্তিতে তেওঁলোকক বদলি বা নিলম্বন কৰা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়।

“অনাগত দিনবিলাক বৰ কঠিন পৰীক্ষাৰ মাজৰে যাব লাগিব। গুৱাহাটী মহানগৰীত ১২-১৩টা সামাজিক সংক্ৰমণৰ কেচ ধৰা পৰিছে। গতিকে নিজকে যুঁজখনত অধিক শক্তিশালী কৰিবলৈ প্ৰধান সচিবৰ প্ৰতিবেদনৰ ভিত্তিত এই সালসলনি সমূহ কৰা হৈছে,” তেওঁ কয়।

ইপিনে, এক সূত্ৰৰ পৰা জানিব পৰা মতে কৰ্তব্যত গাফিলতিৰ বাবে ব্যাপক সালসলনি আৰু নিলম্বন কৰা হৈছে।