NORTHEAST NOW (Assamese)
Popular Stories

চাণক্য নীতি : কেতিয়াও অপমান নকৰিব এই তিনিজন মানুহক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 22, 2023 11:50 am
Chanakya Principle

আচাৰ্য চাণক্যই তেওঁৰ মূল্যৱান বাণী সমূহত মানৱ জীৱনৰ উচিতঅনুচিত, ধৰ্মঅধৰ্ম, নৈতিকঅনৈতিক, সৎঅসৎ আচৰণৰ বিষয়ে ব্যাখ্যা কৰিছে। চাণক্যৰ প্ৰত্যেকটো উপদেশ তেতিয়াও যিমান গুৰুত্বপূৰ্ণ আছিল, আজিও সিমানেই গুৰুত্বপূৰ্ণ। যদি চাণক্য নীতি সম্পূৰ্ণৰূপে পালন কৰা হয় তেন্তে কোনো মানুহ কেতিয়াও প্ৰৱঞ্চনাৰ বলি নহ’ব আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা আহিব।

চাণক্যৰ মতে তিনি প্ৰকাৰৰ ব্যক্তিক কেতিয়াও অসন্মান বা অৱহেলা কৰা উচিত নহয়। তেওঁলোকৰ লগত বেয়া আচৰণ কৰিলে জীৱনত ভয়াৱহ বিপদ আহিব। এই তিনিজন ব্যক্তিক অপমান কৰিলে মানৱ ৰূপে জীৱন ধাৰণা কৰাটো হৈ পৰিব অনৰ্থক

দুৰ্বল মানুহক অৱহেলা নকৰিব

অহংকাৰ আৰু খঙে মানুহক নিজতকৈ দুৰ্বলক অসন্মান কৰিবলৈ বাধ্য কৰে। কিন্তু চাণক্যই কৈছে যে কোনো কাৰণতে দুৰ্বল আৰু দুখীয়াৰ লগত বেয়া ব্যৱহাৰ কৰিব নালাগে। তেওঁলোকক হাৰাশাস্তি কৰা উচিত নহয়। এজন অসহায় ব্যক্তিক অপমান কৰিলে হয়তো আপোনাৰ ওপৰত লক্ষ্মী দেৱী ৰুষ্ট হৈ পৰিব পাৰে। লক্ষ্মী দেৱী অসন্তুষ্ট হোৱা মানে দুৰ্ভিক্ষই দেখা দিব পাৰে আপোনাৰ জীৱনত।

সদায় নাৰীক সন্মান কৰক

আমাৰ দেশত নাৰীক দেৱী হিচাপে পূজা কৰা হয়। তেওঁলোকক সদায় সন্মান কৰা হয়। আচাৰ্য চাণক্যই তেওঁৰ নীতিত কৈছিল, কেতিয়াও নাৰীক বেয়া ব্যৱহাৰ নকৰিব। নাৰীক অপমান কৰা ব্যক্তিৰ জীৱনত সুখ, শান্তি নাথাকে। নাৰীক অপমান কৰা পুৰুষ কেতিয়াও এই সংসাৰৰ বাবে উপযুক্ত ব্যক্তি নহয়।

কঠোৰ পৰিশ্ৰমী মানুহক বেয়া ব্যৱহাৰ নকৰিব

চাণক্য নীতি শাস্ত্ৰৰ মতে কঠোৰ পৰিশ্ৰমী মানুহ অতি সৎ আৰু সত্যবাদী। তেওঁলোকে কেৱল কঠোৰ পৰিশ্ৰমৰ জৰিয়তেহে উন্নতি কৰিব বিচাৰে। গতিকে প্ৰতিজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰমী মানুহক সন্মান কৰা উচিত। কঠোৰ পৰিশ্ৰম কৰা সকলৰ প্ৰতি মানুহৰ হৃদয়ত সদায় সন্মান থাকিব লাগে। কঠোৰ পৰিশ্ৰমী আৰু সৎ মানুহক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰা সকলৰ ওপৰত মাতৃ লক্ষ্মী বৰ খং উঠে।