NORTHEAST NOW (Assamese)

নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি ওদালগুৰিৰ কাৰাগাৰৰ পৰা পলাল কয়দী

April 16, 2023 3:01 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি পুৱতি নিশা ওদালগুৰি কাৰাগাৰৰ পৰা পলায়ন কৰে আজীৱন কাৰাদণ্ডৰে দণ্ডিত এগৰাকী কয়দী। পলাতক কয়দীগৰাকীক শ্যামল পাল বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, শ্যামল পালে ২০১১ চনৰ পৰা হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল।

কাৰাগাৰ কৰ্তৃপক্ষই ওদালগুৰি সদৰ থানাত এজাহাৰ দাখিল কৰি পলাতক কয়দীগৰাকীক ধৰিবলৈ ব্যাপক অভিযান আৰম্ভ কৰিছে।

ইফালে এই ঘটনাই কাৰাগাৰৰ নিৰাপত্তাৰ ব্যৱস্থাৰ সুৰুঙাৰ ওপৰতো আঙুলি উঠাইছে। কাৰাগাৰৰ নিৰাপত্তা বেহু ভাঙি শ্যামল পালে কেনেকৈ পলায়ন কৰিলে, সেই সন্দৰ্ভত আৰক্ষীয়ে কোনো মন্তব্য কৰা নাই।

অসম আৰক্ষীয়ে ইতিমধ্যে অঞ্চলটো ঘেৰাও কৰি পলাতক শ্যামল পালৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছে।

উল্লেখ্য যে, অসমত এনে ঘটনা এয়াই প্ৰথম নহয়। যোৱা ১৯ মাৰ্চত কৰিমগঞ্জত আব্দুল ৱাছিদ নামৰ এগৰাকী কয়দী আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল।

গাড়ী চুৰিকে ধৰি কেইবাটাও অভিযোগত অভিযুক্ত আব্দুল আদালতত প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ পিছতে নিৰুদ্দেশ হৈছিল।

Related News