NORTHEAST NOW (Assamese)
অসম

টীয়কত ১৬ বছৰ অনুৰ্দ্ধ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা; সদ্য প্ৰয়াত তৰুণ গগৈ আৰু মাৰাডোনালৈ শ্ৰদ্ধাঞ্জলি

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক November 26, 2020 6:04 pm

টীয়ক ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা টীয়ক হাইস্কুল খেলপথাৰত ১৬ বছৰ অনুৰ্দ্ধ এখনি প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

অসম ফুটবল সন্থাৰ নিয়ম অনুসৰি তথা নক আউট পদ্ধতিৰে মুঠ ১০,০০০ টকাৰ প্ৰাইজমণিৰে অনুস্থিত কৰা হৈছে প্ৰতিযোগিতাখন।

প্ৰতিযোগিতাখনৰ আৰম্ভণিতে টীয়ক ক্ৰীড়া সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া তথা অঞ্চলটোৰ কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ তথা বৰ্তমানৰ খেলুৱৈসকলৰ উপস্থিতত ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু বিশ্ববিখ্যাত ফুটবলাৰ ডিয়াগ’ মাৰডোনাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়।

টীয়কৰ ৰামপুৰ ফুটবল ক্লাৱ আৰু চিৰাম মিচিং ফুটবল ক্লাৱৰ মাজত অনুস্থিত হোৱা উদ্বোধনী খেলখনত চিৰাম মিচিং ক্লাৱে ৰামপুৰ ক্লাৱক ১-০ গলত পৰাস্ত কৰে।

উল্লেখযোগ্য যে, বৃহত্তৰ টীয়কৰ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ সুপ্ত প্ৰতিভাসমূহ বিকাশৰ অৰ্থে টীয়ক ক্ৰীড়া সন্থাই এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে উদ্যোক্তা সকলে।

উদ্যোক্তা সকলে ফুটবল প্ৰতিযোগিতাখনিৰ সমান্তৰালভাৱে এথলেটিকছৰো প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে।