NORTHEAST NOW (Assamese)
অসম

হংকঙৰ ৰাজপথত স্বাধীনতাকামী প্ৰতিবাদকাৰীয়ে চীন বিৰোধী শ্লোগান দি উৰুৱালে ভাৰতীয় জাতীয় পতাকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 2, 2020 11:54 am

বৃহস্পতিবাৰে চীনৰ নেশ্যনেল ডে হলিডেৰ সময়ত হংকঙৰ স্বাধীনতাকামী জনতাই হংকঙৰ ৰাজপথত ভাৰতীয় জাতীয় পতাকা উৰুওৱা দেখা গ’ল।

হংকঙৰ স্বাধীনতাকামী প্ৰতিবাদকাৰীয়ে হংকঙৰ ৰাজপথত ভাৰতীয় জাতীয় পতাকা উৰুৱাই ভাৰতৰ সমৰ্থনত শ্লোগান দিয়াৰ বিপৰীতে চীন বিৰোধী ধ্বনি দিয়ে।

ভাৰত-চীনৰ মাজত লাডাখ সীমান্তত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়ত হংকঙৰ ৰাজপথত হংকঙৰ নাগৰিকে ভাৰতীয় জাতীয় পতাকা উৰুওৱাৰ আলোকচ্চিত্ৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এগৰাকী প্ৰতিবাদকাৰীক তেওঁ কিয় ভাৰতীয় পতাকা উৰুৱাইছে এই সম্বন্ধে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ভাৰতে চীনৰ বিৰুদ্ধে যুদ্ধ কৰি আছে সেইবাবে ভাৰত আমাৰ বন্ধু।

স্বাধীনতাকামী প্ৰতিবাদকাৰীসকলে হংকঙৰ ৰাজপথত ‘ষ্টেণ্ড উইথ ইণ্ডিয়া’ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

অৱশ্যে হংকঙৰ ৰাজপথত ভাৰতীয় পতাকা উৰুওৱা সম্বন্ধে এইপৰ্যন্ত ভাৰতৰ আৰু চীনৰ চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নায়।

হংকঙৰ নাগৰিক সকলে দীৰ্ঘদিনৰ পৰা চীনৰ পৰা স্বাধীনতা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।