NORTHEAST NOW (Assamese)
অসম

ডিঃ বিশ্ববিদ্যায়লৰ যৌন নিৰ্যাতন কাণ্ড! : গণ সংযোগ বিভাগৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ অভিযুক্ত অধ্যাপকক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 1, 2021 12:20 pm
Prof Satyakam Borthakur

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণ সংযোগ অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষৰ পদৰ পৰা অপসাৰণ কৰা হৈছে অসমীয়া বিভাগৰ অধ্যাপক ডঃ সত্যকাম বৰঠাকুৰক।

যোৱা ২৮ এপ্ৰিলৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ স্বাক্ষৰ সম্বলিত এক নিৰ্দেশনাযোগে অধ্যাপক ডঃ বৰঠাকুৰক ছাত্ৰীক নিৰ্যাতন চলোৱা অভিযোগ উত্থাপন হোৱাৰ পৰিপ্ৰক্ষিতত উপাচাৰ্যৰ অনুমোদন ক্ৰমে উচ্চ শিক্ষানুষ্ঠানখনৰ সাংবাদিকতা আৰু গণ সংযোগ অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছে।

ডঃ বৰঠাকুৰৰ ঠাইত বিশ্ববিদ্যালয়খনৰ শিক্ষা বিভাগৰ অধ্যাপক ডঃ পিকে গগৈক সংবাদিকতা আৰু গণ সংযোগ অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হৈছে।

DU1

নিৰ্দেশনাটোত কোৱা হৈছে যে পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত অহা চাৰি বছৰলৈ ডঃ পিকে গগৈয়ে অধ্যনয় কেন্দ্ৰটোৰ অধ্যক্ষৰ দায়িত্বত থাকিব।

বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ নিৰ্দেশনা লাভ কৰাৰ পিছতে যোৱা ২৯ এপ্ৰিলত ডঃ সত্যকাম বৰঠাকুৰে সাংবাদিকতা আৰু গণ সংযোগ বিভাগৰ অধ্যক্ষৰ পদটো ত্যাগ কৰি অধ্যাপক ডঃ গগৈক চমজাই দিয়ে।

উল্লেখ্য যে অসমীয়া বিভাগৰ অধ্যাপক ডঃ সত্যকাম বৰঠাকুৰৰ বিৰুদ্ধে নিজৰে গৱেষিকা ছাত্ৰীক মানসিক আৰু যৌন উৎপীড়ন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

বিশ্ববিদ্যালয়খনৰ সাংবাদিকতা আৰু গণ সংযোগ অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষৰ কোঠাত কোনো লোক উপস্থিত নথকাৰ সুযোগ গ্ৰহণ কৰি অধ্যাপক ডঃ বৰঠাকুৰে ছাত্ৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক : পুনৰ কলংকৰ দাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত! : গৱেষিকা ছাত্ৰীক যৌন উৎপীড়ন চলোৱা কোন এই অধ্যাপক?

ইতিমধ্যে ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ কমিটিত এই সম্পৰ্কে অভিযোগ দাখিল কৰিছে আৰু কমিটিয়ে বিষয়টো শুনানি গ্ৰহণ কৰি থকা বুলি জানিব পৰা গৈছে।

আভ্যন্তৰীণ কমিটিৰ তদন্তৰ ভিত্তিতে অধ্যাপক ডঃ বৰঠাকুৰক বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই উক্ত পদৰ পৰা অপসাৰণ কৰা বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে অভিযুক্ত অধ্যাপকগৰাকীৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত আভ্যন্তৰীণ কমিটিয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, শিক্ষাৰ্থী সমাজ আৰু স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ মৌনতাই সচেতন মহলক চিন্তান্বিত কৰি তোলা দেখা গৈছে।