NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট নাট্যকাৰ বসন্ত শইকীয়াৰ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2024 8:31 pm

দেওবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ বিশিষ্ট নাট্যকাৰ বসন্ত শইকীয়াই।

দেওবাৰে পুৱা ৩.৩০ বজাত ইহ সংসাৰৰ পৰা মেলানি মাগে বিশিষ্ট নাট্যকাৰ গৰাকীয়ে।

জানিব পৰা মতে, মৃত্যুৰ সময়ত শইকীয়াৰ বয়স আছিল ৯৩ বছৰ।

মানুহ, মাজনিশাৰ জুই, ভঙুৱা ৰজা, নৰ্তকী আদিৰ দৰে সমাদৃত আৰু জনপ্ৰিয় নাটকৰ নাট্যকাৰ আছিল বসন্ত শইকীয়া।

বিভিন্ন বিশ্ববিদ্যালয়ত বসন্ত শইকীয়াৰ নাটক আছিল পাঠ্যক্ৰমৰ বিষয়। জীৱনকালত বিভিন্ন বঁটা-বাহন, সা-সন্মান লাভ কৰিছিল নাট্যকাৰগৰাকীয়ে। বহু মূল্যৱান নাটক ৰচনা কৰি অসমীয়া সাহিত্যৰ লগতে নাটকৰ জগতখনলৈ অভূতপূৰ্ব বৰঙনি আগবঢ়াই থৈ গৈছে নাট্যকাৰ বসন্ত শইকীয়াই।

বসন্ত শইকীয়াৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে। তেখেতৰ মৃত্যুত অসম নাট্য সন্মিলনৰ লগতে বিভিন্ন দল সংগঠন আৰু গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।