NORTHEAST NOW (Assamese)

ছিহ! কি চলে নুনমাটিৰ ‘লাকী হেয়াৰ বিউটি স্পা চেলুন’ত? 

June 14, 2023 4:16 pm · এন ই নাও নিউজ, গুৱাহাটী

মঙলবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে মহানগৰীৰ নূনমাটি অঞ্চলৰ এখন স্পা চেলুনত অভিযান চলাই মহিলাসহ ছয়জন লোকক গ্ৰেপ্তাৰ কৰে।

‘লাকী হেয়াৰ বিউটি স্পা চেলুন’ত অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত নন্দিনী কাকতিৰ নিৰ্দেশত অভিযান চলোৱা হয়।

আটক কৰা দুজন পুৰুষ আৰু চাৰিগৰাকী মহিলা বুলি জানিবলৈ দিছে আৰক্ষী বিভাগে।

উক্ত স্পা চেলুনখনত নাৰী দেহ ব্যৱসায়ৰ ৰেকেট চলোৱাৰ লগত জড়িত আছিল গ্ৰেপ্তাৰ কৰা ৬ গৰাকী লোক।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত লোক কেইজন হৈছে মিলি সিনহা, উষা দৈমাৰী, পাহি দাস, জানমণি দাস, চিন্ময় শৰ্মা আৰু তনময় দাস।

উল্লেখ্য যে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে সমগ্ৰ মহানগৰীত অভিযান চলাই ছটাকৈ স্পা চেলুনৰ মালিকক গ্ৰেপ্তাৰ কৰিছিল।

ছয়গৰাকী মালিকৰ লগতে ১৬গৰাকী যুৱতীকো গ্ৰেপ্তাৰ কৰা হৈছিল সেই অভিযান কালত। ক্ৰাইম ব্ৰাঞ্চ আৰু পানবজাৰ মহিলা আৰক্ষীয়ে যৌথভাৱে এই অভিযান চলাইছিল।

Related News