NORTHEAST NOW (Assamese)

যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদত স্তব্ধ শিৱসাগৰ চহৰ; হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে ওলাই আহিল বেংগলী যুৱ ছাত্ৰ পৰিষদ

January 22, 2019 4:42 pm · পার্শ্বজোতি গগৈ
প্ৰতিবাদী কাৰ্য্যসুচী

আজি শিৱসাগৰত জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত যৌথ সংগ্ৰামী মঞ্চই ৰূপায়ণ কৰা দুঘণ্টীয়া গণ হৰতাল কাৰ্য্যসূচীয়ে দুপৰীয়া সময়খিনিত সমগ্ৰ শিবসাগৰ স্তব্ধ কৰি দিয়া দেখা গ’ল।

দিনৰ ১২ বজাৰ পৰা ২ বজালৈ আয়োজন কৰা এই কাৰ্য্যসূচীৰ সময়ত প্ৰতিবাদীসকলে শিৱসাগৰৰ চহৰৰ দ’ল মুখ চাৰিআলি, মুক্তিনাথ চাৰিআলি, ষ্টেচন চাৰিআলি, এ এছ টি চি তিনি আলি, কে পি চাৰি আলি, ৰংঘৰ চাৰি আলি আৰু প্ৰগতি চাৰি আলিৰ পথ সমূহ  অৱৰোধ কৰি গাড়ী মটৰৰ চলাচল বন্ধ কৰি দিয়ে। লগতে দোকান-পোহাৰো বন্ধ কৰি দিয়াত এক প্ৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

যৌথ সংগ্ৰামী মঞ্চৰ সদৌ তাই আহোম ছাত্ৰ সন্থা , আহোম সেনা, গৰীয়ামৰীয়া যুৱ পৰিষদকে ধৰি ভালেকেইটা সংগঠনৰ নেতা-কৰ্মীয়ে  বিজেপি গ’ বেক,  বিজেপি লেই লেই ছেই ছেই, বিজেপি চৰকাৰ অক থু, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বাংলাদেশী গ’ বেক,  অসমীয়া জিন্দাবাদ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

মন কৰিব লগীয়া কথাটো হ’ল হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিয়াৰ বিৰোধিতাত উলিওৱা এই প্ৰতিবাদী কাৰ্য্যসূচীত বেংগলী যুৱ ছাত্ৰ পৰিষদ, শিৱসাগৰ শাখায়ো সহযোগ কৰে।  সংগঠনটোৰ সদস্যসকলেও গণ হৰতাল কাৰ্যসূচীত অংশ লৈ এ এছ টি চি তিনি আলিত পথ অৱৰোধ কৰে।

ইপিনে এই কাৰ্যসূচীৰ অংশ হিচাপেই চহৰখনৰ দ’লমুখ চাৰিআলিত বহুকেইটা জাতীয় সংগঠনৰ নেতা-কৰ্মীয়ে অৰ্ধ উলংগ হৈ জাতিধংসী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে এই গণ হৰতাল কাৰ্যসূচীৰ পৰা স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু ৰোগী সকলক ৰেহাই দিয়া হয় বুলি জানিব পৰা গৈছে।

 

Related News