NORTHEAST NOW (Assamese)
অসম

ৰেইল কৰ্তৃপক্ষৰ উচ্ছেদৰ জাননী : প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল শতাধিক লোক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 30, 2018 12:51 pm
উচ্ছেদ

উজান বজাৰৰ অ’ল্ড ৰেইলৱে ক’লনিত ৫০-৬০ বছৰে বসবাস কৰি অহা লোকসকললৈ যোৱা ১৯ নৱেম্বৰ তাৰিখে ৰেইল কৰ্তৃপক্ষই উচ্ছেদৰ জাননী জাৰি কৰি ১৫ দিনৰ ভিতৰত উক্ত স্থানত বসবাস কৰা লোকসকলক খালী কৰাৰ নিৰ্দেশ দিছিল।

প্ৰশাসনৰ এই উচ্ছেদ কোনো পধ্যেই মানি নলয় সুদীৰ্ঘ বছৰ ধৰি বসবাস কৰি অহা শতাধিক পৰিয়ালৰ লোকসকলে। সেয়েহে আজি চিপিআইএম আৰু এছএফআইৰ উদ্যোগত উচ্ছেদৰ জাননী অহা লোকসকলে ৰেইলৱে ক’লনিৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

মন কৰিবলগীয়া যে, বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ সময়। সেই সময়ত অমানবীয়ভাৱে বসবাসৰ বিকল্প উপায়ৰ ব্যৱস্থা নকৰি প্ৰশাসনে উচ্ছেদৰ জাননী দিয়াত ক্ষুব্ধ হৈ পৰে লোকসকল।

প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ কাৰ্য্যালয়লৈ সমদল কৰি আহি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰায় আধাঘন্টা জোৰা প্ৰতিবাদৰ অন্তত অতিৰিক্ত জিলা উপায়ুক্ত আহি স্মাৰক পত্ৰ গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তলৈ এই উচ্ছেদ কাৰ্য বন্ধ ৰাখি বসবাসৰ বিকল্প স্থান নিৰ্বাচন কৰি দিয়াৰ বাবে দাবী জনায়।

নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিবাদকাৰীসকলে কয় যে সুদীৰ্ঘ দিন ধৰি বসবাস কৰি অহা লোকসকলে হঠাতে ক’লৈ যাব? বিকল্প ব্যৱস্থা এটা কৰি উচ্ছেদ কৰিলে আন কথা, কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ মাজতে এইদৰে উচ্ছেদৰ জাননী দিয়াটো অমানৱীয় তথা অযুক্তিকৰ।

আনহাতে, কণ কণ ছাত্ৰ ছাত্ৰী সকলেও এই প্ৰতিবাদত যোগদান কৰি উচ্ছেদ কাৰ্য বন্ধ ৰাখিবলৈ আহ্বান জনায়।