NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত নাম কীৰ্ত্তন গাই দলং মেৰামতিৰ বাবে অভিনৱ প্ৰতিবাদ

Posted by: য়াছিন আলী Updated by: য়াছিন আলী November 11, 2019 3:43 pm
Bridge protest

বঙাইগাঁও জিলাৰ অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ মাজেৰে বৈ যোৱা পোকালাগী নদীৰ ওপৰত যাতায়তৰ বাবে থকা কাঠৰ দলংখন মেৰামতিৰ অভাৱত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে।

আৱাদী গাঁৱৰ জনসাধাৰণে এখন পকী দলং বিচাৰি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যদিও ৰজাঘৰীয়াৰ পৰা কোনোধৰণৰ সুফল নোপোৱাত অতিষ্ঠ হৈ স্থানীয় মহিলাসকলে দেওবাৰে দলংৰ ওপৰত নাম কীৰ্ত্তন গাই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে।

সোমবাৰে ৰাতিপুৱা আয়েত উদ্দিনৰ নেতৃত্বত হাতে হাতে ঝাডু লৈ অহা মহিলাসকলে ছাফাই অভিযান আৰম্ভ কৰি গছপুলি ৰোপন কৰে আৰু চকিহালিৰ পৰা বৃটিছৰ দিনত নিৰ্মাণ কৰা ডাক বঙলালৈ জৰাজীৰ্ণ ৰাস্তা মেৰামতি কৰাৰ লগতে দুয়োফালে থকা জংঘল ছাফা কৰে।

আনাহাতে, আৱেলি জৰাজীৰ্ণ দলং মেৰামতি আৰু পকীকৰণ কৰিবলৈ মহিলাসকলে দলঙৰ ওপৰত নামকীৰ্ত্তন গাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কাঠৰ দলং খন ইমানেই জৰাজীৰ্ণ যে ডাঙৰ ডাঙৰ ফাকেৰে সৰু লৰা-ছোৱালী পৰি য’ব পৰা অৱস্থা হৈছে।

ইতিমধ্যে দলংখনৰ পৰা পৰি বহুলোক আহত হৈছে বুলি স্থানীয় ব্যক্তি সকলে জানিব দিয়াৰ লগতে গড়কপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অঞ্চলটো পৰিদৰ্শন কৰি শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰিলৈ আহ্বান জনায়।