NORTHEAST NOW (Assamese)

প্রৱেশ মাচুল বৃদ্ধি : ৰংঘৰ, তলাতল ঘৰৰ টিকট ঘৰত পুনৰ ওলমিল তলা

December 9, 2018 2:44 pm · পার্শ্বজোতি গগৈ
শিৱসাগৰৰ ৰংঘৰৰ সন্মুখত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

প্ৰৱেশ মাচুল বৃদ্ধিৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে ৰংঘৰ আৰু তলাতল ঘৰ।  প্ৰৱেশ মাচুল ২৫ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিবাদত আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, জয়সাগৰ আঞ্চলিকে পুনৰ ৰংঘৰ  আৰু তলাতল ঘৰৰ টিকট ঘৰত তলা ওলমাই দিয়ে।

উল্লেখ্য যে,  চাৰি মাহৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ পুৰাতত্ত্ব বিভাগে হঠাতে ঐতিহাসিক সম্পদ সমুহৰ দৰ্শনাৰ্থীৰ প্ৰৱেশ মাচুল বৃদ্ধি কৰিছিল। ইয়াৰ প্ৰতিবাদত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ জয়সাগৰ আঞ্চলিকে এ টি ৰোড অৱৰোধৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ লগতে যেৱা আগষ্ট মাহৰ ২৯ তাৰিখে ৰংঘৰ, তলাতল ঘৰৰ টিকট ঘৰত তলা ওলমাই দি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

পৰৱৰ্তী সময়ত ত্ৰিপাক্ষিক বৈঠকত বিষয়টো মীমাংসাৰ বাবে জিলা প্ৰশাসনে তিনি মাহ সময়সীমা ধাৰ্য্য কৰিছিল। কিন্তু সেই বৈঠকৰ চাৰিমাহ অতিক্ৰম কৰাৰ পাছতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

সেয়েহে, আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই মহিলা মঞ্চৰ সহায়ত শতাধিক সদস্যৰ উপস্থিতিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰংঘৰ আৰু তলাতল ঘৰৰ টিকট ঘৰত পুনৰ তলা ওলমাই দিয়ে।

অৱশ্যে পিছত আৰক্ষী উপস্থিত হৈ ৰংঘৰৰ সন্মুখৰ পৰা অৰ্ধশতাধিক প্ৰতিবাদকাৰীক আটক কৰি শিৱসাগৰ সদৰ থানালৈ লৈ যায়।

Related News