NORTHEAST NOW (Assamese)
অসম

CAAৰ লগতে সাংবাদিকৰ বিৰুদ্ধে ৰুজু হৈ থকা ভুৱা গোচৰ প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 23, 2020 8:22 am
Protest

জাতিধংসী কা বাতিলৰ লগতে সাংবাদিকৰ বিৰুদ্ধে ৰুজু হৈ থকা ভুৱা গোচৰ প্ৰত্যাহাৰৰ দাবীত বুধবাৰে যোৰহাট প্ৰেছ ক্লাবৰ সদস্যসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই দুজন সাংবাদিকৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে নিজাববীয়াকৈ ভুৱা গোচৰ ৰুজু কৰিছিল।

বুধবাৰৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সামাজিক, সাংস্কৃতিক, সাহিত্য আৰু ছাত্ৰ সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে।

পিছত প্ৰতিবাদকাৰীয়ে জিলা উপায়ুক্তৰ জৰিয়তে সাংবাদিকৰ বিৰুদ্ধে ৰুজু হৈ থকা ভুৱা গোচৰ উঠাই লোৱাৰ দাবীত মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে যোৱা মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা হিংসাত্মক প্ৰতিবাদক প্ৰৰোচিত কৰাৰ অভিযোগত ডিব্ৰুগড় আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত এখন অসমীয়া দৈনিক বাতৰি কাকতৰ সাংবাদিকক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

সাংবাদিকগৰাকীক স্থানীয় আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু পাছত জামিনত মুক্তি লাভ কৰে।

আনহাতে, এই জাতিধ্ংসী নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা গুৱাহাটীস্থিত এটা অসমীয়া নিউজ চেনেলৰ সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধেও ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত এটা গোচৰ ৰুজু কৰিছিল।

সৌভাগ্যক্ৰমে, এই পৰ্যন্ত তেওঁ গ্ৰেপ্তাৰ হোৱা নাই।

ইফালে, বুধবাৰে যোৰহাট বাৰ এছ’চিয়েশ্যনেও সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।