NORTHEAST NOW (Assamese)
অসম

চীনে দখল কৰিছে নেপালৰ ভূমি; কাঠমাণ্ডুত উত্তাল প্ৰতিবাদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 30, 2021 3:47 pm
nepal9_5f6b3420e97b9

চীনে নেপালৰ ভুমি দখল কৰাৰ অভিযোগ তুলি দেশখনৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে কাঠমাণ্ডু।

কাঠমাণ্ডুত বৃহস্পতিবাৰে এক প্ৰতিবাদী সমদলৰ আয়োজন কৰে লোকতান্ত্ৰিক যুৱ মৰ্চাই।

সীমান্তৱৰ্তী অঞ্চলত চীনে নেপালৰ ভূমি দখল কৰা বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে। সংগঠনটোৰ সভাপতি ৰামকিশোৰ সিঙে সেই ভূমি ওভতাই দিয়াৰ দাবী তুলিছে।

তেওঁ নেপালৰ আভ্যন্তৰীণ বিষয়ত চীনক হস্তক্ষেপ নকৰিবলৈ সকীয়াই দি দেশখনৰ ভূমি ঘুৰাই দিয়াৰ দাবী কৰে।

বাতৰি অনুসৰি, নেপালৰ হুমলা জিলাত অবৈধভাৱে পোন্ধৰৰ পৰা বিছটা ঘৰ বনাইছে চীনে।

সেয়াই নহয়, সেই অঞ্চলত স্থানীয় লোকসকলৰ প্ৰৱেশতো বাধা দিছে চীনৰ সেনাবাহিনীয়ে। চীনৰ সেনাই তাত সেনাৰ ঘাটি স্থাপন কৰা বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে বিগত বৰ্ষৰ পৰাই নেপালৰ ব্যাপক অঞ্চলৰ ভূমি চীনৰ সেনাবাহিনীয়ে দখল কৰাৰ অভিযোগ উঠিছিল। নেপালৰ ভূমি সংস্কাৰ বিভাগৰ বিষয়াসকলে সীমান্ত অঞ্চল পৰিদৰ্শন কৰি তাৰ প্ৰমানো লাভ কৰে।

কিন্তু তাৰপাছতো বাৰে বাৰে সেইকথা অস্বীকাৰ কৰি আহিছিল নেপালৰ তদানীত্বন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিৰ প্ৰশাসনে।