NORTHEAST NOW (Assamese)

নেপালত চীনা ৰাষ্ট্ৰপতিৰ প্ৰতিমুৰ্তি দাহেৰে তীব্ৰ প্ৰতিবাদ

November 14, 2019 3:53 pm · এন ই নাও নিউজ
ছি ঝিনপিং

নেপালৰ চৰকাৰী তথ্যত চীনে দেশখনৰ ৩৬ হেক্টৰ ভূমি বেদখল কৰা বুলি প্ৰকাশ পোৱাৰ পাছত সমগ্ৰ নেপালত চীনা ৰাষ্ট্ৰপতি ছি ঝিনপিঙৰ প্ৰতিমুৰ্তি দাহ কৰা হয়।

চৰকাৰী তথ্যত প্ৰকাশ পোৱা অনুসৰি চীনে নেপালৰ ৰাছুৱা, সিন্ধুপালচোক, হুলমলাকে ধৰি বিভিন্ন জিলাৰ মুঠ ৩৬ হেক্টৰ ভূমি বেদখল কৰিছে।

কাঠমাণ্ডুই প্ৰকাশ কৰা মতে ২ নৱেম্বৰত নতুন দিল্লীয়ে ভাৰতৰ নতুন ৰাজনৈতিক মানচিত্ৰ প্ৰকাশ কৰাৰ পাছতে চীনে নেপালৰ ভূমিত আগ্ৰাসন আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, ভাৰতৰ নতুন ৰাজনৈতিক মানচিত্ৰৰ ১৪৪ বৰ্গমাইল অঞ্চলৰ কালাপানীক ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ অন্তৰ্ভূক্ত বুলি দেখুওৱা হৈছে।

চৰকাৰী তথ্যত নেপালে ভবিষ্যতে চীনৰ হাতত আৰু অধিক ভূমি হেৰুৱাব লগা হ’ব পাৰে উল্লেখ কৰিছে।

নেপালত চীনৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ‘গ’ বেক চীন’, ‘ৰিটাৰ্ণ নেপাল লেণ্ড’ প্লেকাৰ্ড প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়।

Related News