NORTHEAST NOW (Assamese)

মণিপুৰৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক বৰ্খাস্তৰ দাবীৰে গুৱাহাটীত প্ৰতিবাদ

June 28, 2023 6:52 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 28, 2023 12:08 am

এতিয়াও শান্ত হোৱা নাই সংঘৰ্ষ জৰ্জৰিত মণিপুৰ। অশান্ত জৰ্জৰ মণিপুৰলৈ শান্তি ঘুৰাই অনা আৰু আইনৰ শাসন চলাবলৈ ব্যৰ্থ হোৱা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক বৰ্খাস্ত কৰাৰ দাবীত কেণ্ডেল মাৰ্চেৰে কালি দীঘলীপুখুৰী পাৰত প্ৰতিবাদ সাব্যস্ত কৰে যুৱ-ছাত্ৰ সংগঠনসমুহে।

এছ এফ আই, এ আই এছ এফ, ডি ৱাই এফ আই, এ আই ৱাই এফ, জে ৱাই এছ, এছ এম এছ এছ, আইছা, আই এছ অ’ৰ উদ্যোগত দীঘলীপুখুৰী পাৰত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

কাৰ্যসূচীৰ অংশ হিচাপে এক চমু সভাও অনুষ্ঠিত হয়। এছ এফ আইৰ সম্পাদক সংগীতা দাসে আঁ‌ত ধৰা সভাত এ আই ৱাই এফৰ ৰাজ্যিক সভাপতি তথা উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈ আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে বক্তব্য ৰাখে।

বক্তাদ্বয়ে মণিপুৰত বিগত ৫০ দিনে আইন-শৃংখলা ভাগি এক অৰাজক পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰকে জগৰীয়া কৰে আৰু সংবিধান অনুসৰি আইনৰ শাসন চলাবলৈ ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰখনক শীঘ্ৰে বৰ্খাস্ত কৰিবলৈ দাবী কৰে।

নেতাদ্বয়ে লগতে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ সন্দৰ্ভত অৱলম্বন কৰি অহা মৌনতাকো তীব্ৰ ধিক্কাৰ জনায়। তেওঁলোকে মণিপুৰৰ হিংসাত্মক ঘটনাৰাজিৰ বাবে বিজেপি চৰকাৰৰ বিভাজনবাদী নীতিকে জগৰীয়া কৰে।

আনহাতে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু আৰ এছ এছ নেতা ৰাম মাধবে ২০১৭ চনত মণিপুৰৰ বিধান সভা নিৰ্বাচনত কুকি উগ্ৰপন্থী সংগঠনৰ লগত চুক্তি কৰা বুলি উত্থাপিত হোৱা অভিযোগৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীজনক ক্ষমতাৰ পৰা আঁ‌তৰ কৰি গ্ৰেপ্তাৰৰ দাবী জনায়।

“উগ্ৰপন্থী সংগঠনৰ লগত গোপন চুক্তি কৰাটো দেশৰ আভ্যন্তৰিণ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতি বিপদজনক। এনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা উচিত।”— এই মন্তব্য কৰে সংগঠনৰ নেতৃবৃন্দই।

Related News