NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত PUBG যুদ্ধ, লক্ষ্য ১.৫ কোটি টকাৰ পুৰস্কাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 7, 2019 5:13 pm
PUBG GamesPUBG Mobile India Tour 2019 Guwahati

চীনা প্ৰতিষ্ঠান Tencent Gamesএ আয়োজন কৰিছে PUBG Mobile India Tour 2019ৰ গুৱাহাটী সংস্কৰণ।

অহা ৮ ছেপ্তেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰে’ড চেণ্টাৰত আয়োজিত এই প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈৰ লক্ষ্য হ’ব ১.৫ কোটি টকা।

গুৱাহাটী সংস্কৰণত বাচনি হোৱা চাৰিটা দলে India finalsত স্থান লাভ কৰিব। ফাইনেলৰ বিজয়ীয়ে উক্ত ১.৫ কোটি টকা প্ৰাইজ পুলৰ কৰ্তৃত্ব দাবী কৰাৰ সুযোগ পাব।

২০০০তকৈ অধিক দলৰ পৰা বাচনি কৰা শ্ৰেষ্ঠ ২০টাক গুৱাহাটী ফাইনেল খেলাৰ সুযোগ দিয়া হ’ব।

২০ মাৰ্কতকৈ অধিক লেভেল পোৱা PUBG ম’বাইল একাউণ্টধাৰী  আৰু গ্ৰুপ বি-ত পঞ্জীভুক্ত যিকোনো ভাৰতীয় বাসিন্দাৰ বাবে এই প্ৰতিযোগিতা মুকলি থাকিব।

ক’লকাতাত অহা অক্তোবৰত অনুষ্ঠিত হ’ব লগা ফাইনেলৰ বাবে Rising Hydra, Team Titans, Kill2Survive and Revenge Esports নামৰ ভাৰতৰ চাৰিটা দলে ইতিমধ্যে বাচনি লাভ কৰিছে।

নতুন চাৰিটা দলে ফাইনেললৈ ৱাইল্ড কাৰ্ড এণ্ট্ৰি লাভ কৰিব।

ৰাজস্থানৰ জয়পুৰত যোৱা ২৫ আগষ্টত PUBG Mobile India Tour 2019ৰ প্ৰথম আঞ্চলিক ফাইনেলখন অনুষ্ঠিত হৈছিল।