NORTHEAST NOW (Assamese)

জনতাৰ কাৰ্ফিউলৈ শিৱসাগৰবাসীৰ পূৰ্ণ সঁহাৰি; দুই যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

March 22, 2020 3:22 pm · পার্শ্বজোতি গগৈ

ক’ৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনোৱা জনতা কাৰ্ফিউৰ প্ৰতি শিৱসাগৰৰ ৰাইজে সম্পূৰ্ণ সঁহাৰি জনাইছে। শিৱসাগৰত আজি সকলো দোকান পোহাৰ, কাৰ্যালয় আদি সম্পূৰ্ণ বন্ধ হোৱাৰ লগতে ৰাজপথত গাড়ী মটৰ চলাচল সম্পূৰ্ণ বন্ধ।

নগৰ অঞ্চলৰ লগতে শিৱসাগৰৰ গ্ৰাম্যাঞ্চলতো জনতা কাৰ্ফিউৰ প্ৰতি জনসাধাৰণৰ ব্যাপক সঁহাৰি জনোৱা দেখা যায়। এক প্ৰকাৰে গ্ৰাম্যাঞ্চলৰ ৰাজপথো জনশূন্য দেখিবলৈ পোৱা যায়।

ইফালে ক’ৰ’নাভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰৰ দুই যুৱকৰ প্ৰশংসণীয় পদক্ষেপ। ইছমাইল তামুলি আৰু ৰাজ আহমেদ নামৰ দুই যুৱকে সম্পূৰ্ণ নিজা খৰচত শিৱসাগৰ চহৰৰ জনসমাগম হোৱা স্থান সমূহত ডেটল, ফেনাইল আজি স্পে’ কৰি শিৱসাগবাসীৰ প্ৰশংসা লাভ কৰিছে।

শিৱসাগৰ জিলা প্ৰশাসনেও এইক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সমগ্ৰ জিলাখনত ১৪৪ ধাৰা আৰোপ কৰাৰ লগতে জিলাখনৰ সকলো সাপ্তাহিক বজাৰ অনিদিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে। প্ৰশাসনৰ ফালৰ পৰা ৰাইজক কোনোধৰণৰ উৰাবাতৰিত আতংকিত নহ’বলৈ আহ্বান।

ইফালে জনতা কাৰ্ফিউ চলি থকা সময়ছোৱাত শিৱসাগৰত অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ উদ্যোগত সন্ধিয়া ৫ বজাত তিনি মিনিটৰ বাবে চাইৰেন বজোৱা হ’ব বুলি জানিব পৰা গৈছে।

Related News