NORTHEAST NOW (Assamese)

কা বিৰোধী আন্দোলনৰ চহিদ ঈশ্বৰ নায়কক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

January 5, 2020 10:02 pm · এন ই নাও নিউজ
ফটো : নৰ্থ-ইষ্ট নাও

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আন্দোলন কৰি আৰক্ষীৰ গুলীত মৃত্যু হোৱা পাঁচজন চহিদৰ অন্যতম ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিচাৰ ঈশ্বৰ নায়কৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি বিভিন্ন দল-সংগঠনৰ সহায়ত আজি অনুষ্ঠিত হয়।

মাজুলী চাহ বাগিচাত আয়োজন কৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পুৱাই বিভিন্ন দল-সংগঠনৰ পতাকা অৰ্ধনিমিত কৰি কা বিৰোধী আন্দোলনৰ পাঁচগৰাকী চহিদক শ্ৰদ্ধাঞ্জলি জনায়।

ইয়াৰ পিছতেই পিতৃ নিৰাকাৰ নায়কে চহিদ পুত্ৰ ঈশ্বৰ নায়কৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

দুপৰীয়া সঞ্জীৱ তাঁতিৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত চহিদগৰাকীৰ স্মৃতিত প্ৰকাশিত “শ্বহীদ ঈশ্বৰ নায়ক” নামৰ স্মৰণিকাখন উন্মোচন কৰে অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠী আদিবাসী সাহিত্য কোষৰ সভাপতি সঞ্জয় কুমাৰ তাঁতিয়ে।

তেওঁ ভাষণ প্ৰসংগত কয় “নাগৰিকত্ব সংশোধনী আইনে সমগ্ৰ অসমৰ লগতে চাহ জনগোষ্ঠী, আদিবাসীতে ধৰি সকলোকে ক্ষতিগ্ৰস্ত কৰিব”।

চৰকাৰে বিভিন্ন ষড়যন্ত্ৰৰে আমাৰ মাজত বিভাজন আনি ‘কা’ বিৰোধী আন্দোলনখনক দুৰ্বল কৰাৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰি সকলো ৰাইজকে চৰকাৰৰ ষড়যন্ত্ৰত ভোল নাযাবলৈ আহ্বান জনায় সঞ্জয় কুমাৰ তাঁতিয়ে।

Related News