NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে সোণৰ মাস্ক পৰিধান কৰি চমক মহাৰাষ্ট্ৰৰ এগৰাকী লোকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2020 10:12 am

বৰ্তমান সময়ত ক’ৰ’না মহামাৰীয়ে চৌদিশে আতংক সৃষ্টি কৰি থকাৰ সময়ত চৰকাৰ তথা প্ৰশাসনে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।

মানুহে ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে মাস্ক পৰিধান কৰাৰ সময়তে পুনেৰ এগৰাকী লোকে ২.৯ লাখ টকাৰ সোণৰ মাস্ক পৰিধান কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

পুনেৰ পিম্পৰি-চিনচৱাডৰ শংকৰ কুৰাডে নামৰ লোক গৰাকীয়ে ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত সোণৰ মাস্ক পৰিধান কৰি চমক সৃষ্টি কৰিছে।

”এইখন এখন পাতল সোণৰ মাস্ক আৰু উশাহ লোৱাৰ সুবিধাৰ বাবে ইয়াত কিছু সংখ্যক সুক্ষ্ম সুক্ষ্ম বিন্ধা আছে,” কুৰাডে কয়।

আনহাতে, এই সোণৰ মাস্কখন গ্ৰহণযোগ্য হ’ব নে নহয় সেই সম্বন্ধেও তেওঁ নিশ্চিত নহয় বুলি শংকৰ কুৰাডে লগতে কয়।

জানিব পৰা মতে, শংকৰ কুৰাডে নিজৰ শৰীৰত বিভিন্ন অলংকাৰকে ধৰি  মুঠ ৩ কেজি ওজনৰ সোণ পৰিধান কৰে।

উল্লেখযোগ্য যে, ভাৰতৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰৰ ভিতৰত মুম্বাই আৰু পুণেত আটাইতকৈ বেছি সংখ্যক লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।