NORTHEAST NOW (Assamese)
Popular Stories

গুলীবিদ্ধ হৈ পঞ্জাব আপৰ বিধায়কৰ মৃত্যু! ভুলবশতঃ গুলী লগাৰ সন্দেহ পৰিয়ালৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 11, 2025 8:28 am

পঞ্জাবৰ লুধিয়ানা পশ্চিম সমষ্টিৰ আম আদমি পাৰ্টিৰ বিধায়ক গুৰপ্ৰীত গগীক শুকুৰবাৰে গভীৰ নিশা গুলীৰ আঘাতত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। তেওঁৰ পৰিয়ালৰ লোকে দাবী কৰিছে যে তেওঁ ভুলবশতঃ নিজকে গুলীয়াই হত্যা কৰিছিল আৰু মূৰত গুলীৰ আঘাত পাইছিল বুলি আৰক্ষীৰ এজন শীৰ্ষ পদবীৰ বিষয়াই জনায়।

৫৮ বছৰীয়া বিধায়কগৰাকীক দয়ানন্দ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তাত উপস্থিত হোৱাৰ লগে লগে তেওঁক মৃত ঘোষণা কৰা হয়। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, “তেওঁক মৃত ঘোষণা কৰা হৈছিল। ঘটনাটো নিশা ১১.৩০ মান বজাত সংঘটিত হৈছে। তদন্ত চলি আছে।”

২০২২ চনত আপত যোগদান কৰি গগীয়ে লুধিয়ানা (পশ্চিম) বিধান সভা সমষ্টিৰ পৰা পঞ্জাৰ প্ৰাক্তন মন্ত্ৰী তথা সেই সময়ৰ বিধায়ক ভাৰত ভূষণ আশুক ৭৫০০ ভোটত পৰাস্ত কৰে।