NORTHEAST NOW (Assamese)
দেশ

অসুস্থ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান : চিকিৎসালয়ত ভৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 6, 2025 1:31 pm
অসুস্থ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান : চিকিৎসালয়ত ভৰ্তি

পঞ্জাৱ চৰকাৰৰ মন্ত্রী হৰপাল সিং চিমাই পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানৰ স্বাস্থ্য সন্দর্ভত কিছু কথা সদৰী কৰিছে।

তেওঁ কয় যে, “পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান যোৱা দু-তিনি দিন ধৰি অসুস্থ আছিল। যোৱা নিশা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।”

মন্ত্ৰী হৰপাল সিঙে কয়, “আজি আমি তেওঁক লগ পালোঁ, তেওঁ সুস্থ। চিকিৎসকে তেওঁক আৰু দুদিন জিৰণি ল’বলৈ পৰামৰ্শ দিছে।”

হৰপাল সিঙে কয় যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ সৈতে পঞ্জাৱ আৰু জনসাধাৰণৰ পৰিস্থিতিৰ বিষয়ে কথা পাতিছিল।

তেওঁ কয় যে যেতিয়া মুখ্যমন্ত্ৰী সম্পূৰ্ণ সুস্থ হব, তেতিয়া তেওঁ ৰাইজৰ মাজলৈ গৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক ক্ষতিপূৰণ দিব।

তথ্য অনুসৰি শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ভগৱন্ত মানক মোহালীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।চিকিৎসালয়খনে জাৰি কৰা এক বিবৃতিত তেওঁ ক্লান্ত আৰু হৃদস্পন্দন লেহেমীয়া হোৱা বুলি উল্লেখ কৰিছে।