NORTHEAST NOW (Assamese)
Popular Stories

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 12, 2025 12:48 pm
বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

বুধবাৰে ভাথিণ্ডাত ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ হয় পঞ্জাৱৰ এগৰাকী যুৱ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক। আদেশ চিকিৎসা বিশ্ববিদ্যালয়ৰ চৌহদত ৰখাই থোৱা গাড়ীৰ ভিতৰত উদ্ধাৰ হয় ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰগৰাকীৰ মৃতদেহ।

নিহত ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰগৰাকী লুধিয়ানাৰ লক্ষ্মণ নগৰৰ বাসিন্দা কমল নামেৰেও পৰিচিত কাঞ্চন বুলি জানিব পৰা গৈছে। কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱা বাহনখন তেওঁৰ নামত পঞ্জীয়নভুক্ত।

চিয়েল মিডিয়াত কাঞ্চনৰ উল্লেখযোগ্য উপস্থিতি আছিল আৰু অনলাইনত কেইবাটাও বিতৰ্কৰ সৈতে জড়িত আছিল।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, আৰু আজি মৰণোত্তৰ পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছে।