NORTHEAST NOW (Assamese)

মধ্য প্ৰদেশত মাৰণাস্ত্ৰ সৰবৰাহৰ বৃহৎ অবৈধ চক্ৰ উৎখাত পঞ্জাৱ আৰক্ষীৰ: জব্দ ৫৫ টা পিষ্টল

September 3, 2022 6:41 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিমুদ্ৰাকৰণৰ সময়ত অন্যান্য উদ্দেশ্যৰ সমানে দেশৰ পৰা অবৈধ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ চক্ৰ আৰু সৰবৰাহ বন্ধ হ’ব বুলি জোৰদাৰ প্ৰচাৰ চলোৱা হৈছিল। পিছে আন আন উদ্দেশ্যৰ দৰেই এই উদ্দেশ্যও কাৰ্যত: ফুটুকাৰ ফেন হৈছে। শুকুৰবাৰে মধ্য প্ৰদেশত এক বৃহৎ মাৰণাস্ত্ৰ নিৰ্মাণ তথা সৰবৰাহ চক্ৰ উৎখাত হোৱাৰ পিছতে এই কথা পুনৰ প্ৰমাণিত হৈছে।

শুকুৰবাৰে পঞ্জাৱ আৰক্ষীয়ে এক অভিযান চলাই মধ্য প্ৰদেশৰ পৰা মাৰণাস্ত্ৰ নিৰ্মাণ আৰু পঞ্জাৱৰ লগতে আন বহি:ৰাজ্যলৈ অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত এটা বৃহৎ চক্ৰ উৎখাত কৰাৰ লগতে দুগৰাকী অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে পঞ্জাৱ আৰক্ষীৰ এই বৃহৎ সফলতাৰ কথা সদৰী কৰিছে। ধৃত দুই সৰবৰাহকাৰীক মধ্য প্ৰদেশৰ খাৰ্গন জিলাৰ ভোৰেলাল ওৰফে মনীষ বাডে আৰু বুৰহানপুৰ জিলাৰ কৈলাশ মাল সিং বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে দুয়োগৰাকী ব্যক্তিৰ পৰা .32 ব’ৰ আৰু .30 ব’ৰৰ ৫৫ টা পিষ্টলৰ বৃহৎ ভাণ্ডাৰ উদ্ধাৰ কৰিছে। মধ্য প্ৰদেশ আৰক্ষীৰ সহায়ত পঞ্জাৱ আৰক্ষীৰ কাউণ্টাৰ ইণ্টেলিজেঞ্চ গোটে এই অভিযান সফলতাৰে ৰূপায়ণ কৰাৰ লগতে অভিযুক্ত ব্যক্তিকেইগৰাকীক গ্ৰেপ্তাৰ কৰে।

পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে জানিবলৈ দিয়া মতে অমৃতসৰ কাউণ্টাৰ ইণ্টেলিজেঞ্চ গোটে শেহতীয়াকৈ অমৃতসৰৰ ভাল্লা মাণ্ডিৰ ৰে’লৱেৰ পৰা দুজন লোকক চাৰিটা চাৰিটাসহ গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাৰ পাছতেই পঞ্জাৱ আৰক্ষীয়ে মধ্য প্ৰদেশস্থিত চক্ৰটোৰ সন্ধান লাভ কৰিছিল আৰু তিনি সপ্তাহ পিছত এই অভিযান চলাইছিল।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে লগতে এতিয়াও অভিযান চলি আছে বুলি উল্লেখ কৰি আৰু অধিক পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ তথা গোলাবাৰুদ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে বুলিও জানিবলৈ দিছে।

Related News