NORTHEAST NOW (Assamese)
অসম

পাঞ্জাৱত পাকিস্তানী দ্ৰোণে পেলাই থৈ যোৱা ১১ টা গ্ৰেণেড উদ্ধাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2020 8:57 pm

পাঞ্জাৱ আৰক্ষীয়ে সোমবাৰে পাকিস্তানে দ্ৰোণেৰে পেলাই থৈ যোৱা ১১ টা হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰে।

ভাৰত-পাকিস্তান সীমান্তৰ গুৰদ্বাছপুৰত পাকিস্তানৰ এখন সন্দেহজনক দ্ৰোণে ১১ টাকৈ হেণ্ড গ্ৰেণেড পেলাই থৈ যায় বুলি পাঞ্জাৱ আৰক্ষীয়ে উল্লেখ কৰে।

পাকিস্তানী দ্ৰোণখনক দেখাৰ লগে লগে সীমান্তত বি এছ এফে গুলিয়াই ভূপতিত কৰে।

পাঞ্জাৱ আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান দিনকৰ গুপ্তাৰ ভাষ্য অনুসৰি তেওঁলোকে বি এছ এফৰ তৰফৰ পৰা খবৰ লাভ কৰাৰ পাছতে দ্ৰোণৰ পৰা নিক্ষেপ কৰা সামগ্ৰীৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰু ১১ টা দ্ৰোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, পাকিস্তানী সেনা বাহিনী আৰু সন্ত্ৰাসবাদী গোটে দীৰ্ঘদিনৰ পৰা পাঞ্জাৱত থকা খালিস্তানী বিদ্ৰোহীক উদ্যেশ্য কৰি এনেদৰে অবৈধভাৱে অস্ত্ৰৰ যোগান অব্যাহত ৰাখিছে।

পাকিস্তানে কাশ্মীৰ আৰু পাঞ্জাৱৰ পৰিস্থিতি অস্থিৰ কৰি তোলাৰ ষড়যন্ত্ৰৰে সদায় এনেদৰে অবৈধ পন্থাক অৱলম্বন কৰি আহিছে যদিও ভাৰতীয় সুৰক্ষা বাহিনীয়ে সেই প্ৰচেষ্টা ব্যৰ্থ কৰি আহিছে বুলি পঞ্জাৱ আৰক্ষীৰ বিষয়া গৰাকীয়ে লগতে কয়।