NORTHEAST NOW (Assamese)
Popular Stories

চিকিৎসালয়ৰ পৰাই আফিংসহ এজন জনপ্ৰিয় গায়কক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 19, 2020 2:59 pm
চিকিৎসালয়ৰ পৰাই আফিংসহ এজন জনপ্ৰিয় গায়কক গ্ৰেপ্তাৰ আৰক্ষীৰ

ক’ৰ’না ভাইৰাছে নৰ সংহাৰ প্ৰতিৰোধৰ  বাবে দেশত অব্যাহত থকা ল’কডাউনৰ সময়তে নিচাগ্ৰস্ত দ্ৰৱ্য সেৱন কৰি আৰু লগত ৰাখি এজন গায়ক আৰক্ষীৰ জালত পৰিছে।

আফিংসহ এজন গায়কক চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

পঞ্জাৱ গায়কক গুৰিন্দৰ পল সিং ওৰফে বাদ্দা গ্ৰেৱালক শুকুৰবাৰে চুহানা থানাৰ আৰক্ষীয়ে আফিঙসহ গ্ৰেপ্তাৰ কৰে।

এখন ব্যক্তিগত হাস্পতালৰ পৰা ৩০ গ্ৰাম আফিঙসহ গায়কজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সূত্ৰৰ মতে চুহানা এছজিএইছএছ হাস্পতালৰ পৰা স্থানীয় থানাৰ উপ পৰিদৰ্শক হৰিন্দৰ সিঙৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে পাঞ্জাৱী গায়কজনক গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে ড্ৰাগছ আসক্ত গায়কজনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে উক্ত ব্যক্তিগত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।