NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক দিলীপ গোস্বামীৰ মৃত্যু

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা August 17, 2020 8:30 pm

নগাঁও জিলাৰ পুৰণিগুদাম গোঁসাইগাঁৱৰ নিবাসী কৃতী বিজ্ঞান শিক্ষক দিলীপ চন্দ্ৰ গোস্বামী(৫৮)ৰ আকস্মিক বিয়োগে বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে৷

জানিব পৰা মতে, পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক দিলীপ গোস্বামী দেওবাৰে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ জি.এন.আৰ.চি. হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷

অতি অমায়িক আৰু সৰবৰহী ব্যক্তি হিচাপে পৰিচিত তথা সমগ্ৰ অঞ্চলটোত বিশেষকৈ ছাত্ৰ সমাজৰ অভিভাৱক স্বৰূপে সমাদৃত অংক আৰু বিজ্ঞান বিষয়ৰ কৃতী শিক্ষকগৰাকীৰ আকস্মিক বিয়োগে পুৰণিগুদামৰ শৈক্ষিক ক্ষেত্ৰত এক অভাৱনীয় ক্ষতি কৰিলে৷

১৯৬২চনৰ  ৯ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা দিলিপ চন্দ্ৰ গোস্বামীয়ে ১৯৯০ চনৰ ১২ জানুৱাৰিত পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞানৰ শিক্ষক হিচাপে চাকৰিত যোগদান দি পৰৱৰ্তী সময়ত নিজৰ কৰ্মদক্ষতাৰ বলত বিদ্যালয়ৰ পৰীক্ষা বৰ্ডৰ নিয়ন্ত্ৰকৰ দায়িত্ব  গ্ৰহণ তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰো সদস্য হিচাপে সুদক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়৷

সামাজিক বিভিন্ন ক্ষেত্ৰত প্ৰত্যক্ষভাৱে জড়িত ব্যক্তিগৰাকী বিশ্বৰ সৰ্ব্ববৃহৎ লিঙ্গাকৃতিৰ মহামৃত্যুঞ্জয় মন্দিৰ পৰিচালন সমিতিৰো এগৰাকী সক্ৰিয় সদস্য হিচাপে নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াইছিল।

সোমবাৰে পুৱা গোস্বামীৰ বাসগৃহত ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, মৃত্যুঞ্জয় মন্দিৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ লগতে পুৰণিগুদামৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি বৰ্গ উপস্থিত হৈ শ্ৰদ্ধাঞ্জলিৰে শেষ বিদায় জনোৱা পৰিলক্ষিত হয়৷

মৃত্যুৰ সময়ত গোস্বামীয়ে এটি পুত্ৰ সন্তান, এজনী কন্যা আৰু পত্নী, আত্মীয়-স্বজনসহ বহু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷

ইফালে মৃত্যুঞ্জয় সেৱা ট্ৰাষ্টৰ অধ্যক্ষ ড০ হিমন্ত বিশ্ব শৰ্মাই দিলীপ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷