NORTHEAST NOW (Assamese)
দেশ

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 19, 2025 8:12 pm

ওড়িশাৰ পুৰী জিলাৰ বালংগা অঞ্চলত তিনিজন অজ্ঞাত যুৱকে এগৰাকী ১৫ বছৰীয়া কিশোৰীক জীৱন্তে জ্বলাই দিয়াৰ এক নৃশংস ঘটনাই স্তম্ভিত কৰি তুলিছে। শনিবাৰে পুৱা প্ৰায় ৯ বজাত বায়াবৰ গাঁৱত কিশোৰীগৰাকী বন্ধুৰ ঘৰলৈ গৈ থকা সময়ত এই ঘটনা সংঘটিত হয়।  প্ৰাথমিক তদন্তৰ মতে, তিনিজন মটৰচাইকেলত উঠি অহা যুৱকে তেওঁক ভাৰ্গৱী নদীৰ পাৰত জোৰকৈ লৈ গৈ জ্বলনশীল পদাৰ্থ ঢালি জুই লগাই দিয়ে আৰু  ঘটনা স্থলীৰ পৰা পলায়ন কৰে। গুৰুতৰভাৱে জ্বলি যোৱা কিশোৰীগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি প্ৰথমে পিপিলী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়, পৰৱৰ্তী সময়ত তেওঁক এইমছ ভুৱনেশ্বৰলৈ স্থানান্তৰ কৰা হয়। বৰ্তমান যুৱতীগৰাকী  অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

পুৰীৰ আৰক্ষী অধীক্ষক পিনক মিশ্ৰই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। তেওঁ জনোৱা মতে, ফৰেন্সিক দল আৰু দুটা আৰক্ষী দলে অভিযুক্তক ধৰিবলৈ তৎপৰ হৈছে, যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা  নাই। স্থানীয় লোকে তথ্য দিবলৈ অনিচ্ছুক হোৱাৰ বাবে তদন্তত জটিলতাৰ সৃষ্টি হৈছে।

পিপিলী উপ-বিভাগীয় আৰক্ষী বিষয়া দেৱাশীষ মিশ্ৰই কয়, কিশোৰীগৰাকীৰ পিঠি, পেট আৰু শৰীৰৰ অন্য অংশত প্ৰায় ৭০ শতাংশ জ্বলাৰ চিহ্ন পোৱা গৈছে। তদন্তৰ বাবে ওচৰৰ চিচিটিভি ফুটেজৰ পৰীক্ষা চলি আছে। পুৰী জিলাৰ সংগ্ৰাহক চঞ্চল ৰাণাই ঘটনাটোক গুৰুত্বৰ সৈতে লৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে আৰু ভুক্তভোগীৰ পৰিয়ালক সম্পূৰ্ণ আইনী আৰু আৰ্থিক সহায়ৰ আশ্বাস দিছে।