NORTHEAST NOW (Assamese)

Honorary doctorate: গ্ৰীণ অস্কাৰ বঁটা বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট; দদৰাত আনন্দ মুখৰ পৰিবেশ

July 14, 2022 4:43 pm · মৃদুল প্ৰীতম ডেকা, কামৰূপ
গ্ৰীণ অস্কাৰ বিজয়ী পুৰ্নিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী।

Purnima Devi Barman receives honorary doctorate গ্ৰীণ অস্কাৰ বঁটা বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হৈছে পৰিবেশ শিতানত সন্মানীয় ডক্টৰেট ডিগ্ৰী। বেংগালুৰুৰ “শ্ৰী সত্য সাই ইউনিভাৰ্চিটি ফৰ হিউমেন এক্সিলেন্স”ৰ তৰফৰ পৰা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত ভাৰতৰ মুঠ ৬ গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে। তাৰ ভিতৰত অসমৰ পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হৈছে এই সন্মান।

বিগত প্ৰায় এটা দশক পূৰ্ণিমা দেৱী বৰ্মনে কামৰূপৰ দদৰা পছৰীয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত দুষ্প্ৰাপ্য হাড়গিলা সংৰক্ষণৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। বিভিন্ন সময়ত তেওঁ বহু বিপদ শংকুল যাত্ৰাৰে নিজৰ জীৱনক তুচ্ছ কৰি প্ৰকৃতি প্ৰেমৰ বিৰল নিদৰ্শন দাঙি ধৰিছে।

আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰাৰ মুহূৰ্তত পুৰ্নিমা দেৱী বৰ্মন।

দদৰা অঞ্চলত তেওঁ হাড়গিলা সংৰক্ষণৰ বাবে ৫ শতাধিক মহিলাক লৈ গঠন কৰিছিল হাড়গিলা আৰ্মী নামেৰে মহিলাৰে গঠিত সংগঠন।

বেংগালুৰুৰ “শ্ৰী সত্য সাই ইউনিভাৰ্চিটিয়ে এই সন্মান আগবঢ়োৱাত সুখী অনুভৱ কৰিছে পূৰ্ণিমা দেৱী বৰ্মনে। পূৰ্ণিমা দেৱী বৰ্মনৰ এই সাফল্যত দদৰাত আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে।

উল্লেখ্য যে বুধবাৰে বাংগালুৰুৰ শ্ৰী সত্য বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে অসমৰ পূৰ্ণিমা দেৱী বৰ্মনকে ধৰি ছয়গৰাকী বিশিষ্ট ব্যক্তিক সন্মানীয় ডক্টৰেট প্ৰদান কৰে।

সন্মানীয় ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰি ভাষণ দিয়াৰ মুহূৰ্তত পুৰ্নিমা দেৱী বৰ্মন।

পাৰমাণৱিক পদাৰ্থবিজ্ঞানী আৰ চিদাম্বৰম আৰু ক্ৰিকেটাৰ সুনীল গাভাস্কাৰকো সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে।

তদুপৰি, ইছৰোৰ প্ৰাক্তন মুৰব্বী কে কস্তুৰিৰঙ্গন, ভাৰতীয় হিন্দুস্তানী কণ্ঠশিল্পী এম ভেঙ্কটেশ কুমাৰ আৰু বহুতকে বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে চি শ্ৰীনিৱাসক বিশ্ববিদ্যালয়খনে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।  

Related News