NORTHEAST NOW (Assamese)

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

July 12, 2025 9:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 12, 2025 7:38 pm

মালয়েছিয়াৰ মডেল তথা প্ৰাক্তন মিছ গ্ৰেণ্ড মালয়েছিয়া লিছালিনি কানাৰানে ২০২৫ চনৰ ২১ জুনত মালয়েছিয়াৰ চেপাঙৰ মৰিয়ামমান মন্দিৰত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ সময়ত এজন হিন্দু পুৰোহিতে তেওঁক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

এই ঘটনাই ক্ষোভৰ সৃষ্টি কৰাৰ ফলত মুখ্য নৰ্হিজাম বাহামানৰ নেতৃত্বত ছেপাং জিলা আৰক্ষীয়ে পলাতক অৱস্থাত থকা পুৰোহিতজনৰ সন্ধানত অভিযান আৰম্ভ কৰে। কানাৰানে অভিযোগ কৰে যে টাইট সাজ-পোছাক পিন্ধা বাবে পুৰোহিতে তেওঁক তীব্ৰ আক্ৰমণ কৰিছিল আৰু কাপোৰ খুলিবলৈ অস্বীকাৰ কৰাৰ সময়ত বাৰে বাৰে মুখত পানী ছটিয়াইছিল।

Related News