NORTHEAST NOW (Assamese)

Vladimir Putin: অভাৱত পৰি টেক্সি চলাইছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে

December 13, 2021 8:41 am · এন ই নাও নিউজ, গুৱাহাটী

Vladimir Putin ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন কেবল এগৰাকী ভদ্ৰলোকেই নহয়, তেওঁ বহু জুখি মাখি কথা কয়। সাধাৰণতে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে কোনো কথা কোৱা দেখা নাযায় পুটিনক।

শেহতীয়াকৈ এইবাৰ ‘ৰাছিয়া: নিউ হিষ্ট্ৰী’ নামৰ এখন তথ্য চিত্ৰত পুটিনে ব্যক্তিগত জীৱনৰ কথা সদৰী কৰিছে।

ইয়াতেই পুটিনে দুখ প্ৰকাশ কৰি ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনক ঐতিহাসিক ৰাছিয়াৰ মৃত্যু বুলি আখ্যা দিছে।

তদুপৰি, ছোভিয়েট ৰাছিয়াৰ পতনৰ পাছত নিজৰ ব্যক্তিগত জীৱনলৈ অহা দুৰ্দশাৰ কথা অকপটে স্বীকাৰ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে।

Also Read: Kacha Badam Viral Story: ‘কাচা বাদাম’ গান গাই ভাইৰেল ভুৱন; শীৰ্ষত কীৰ্তি, বন্ধ হ’ল বিক্ৰী, এতিয়া পিচে কি?

ৰাষ্ট্ৰপতি পুটিনে কয় যে ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত আৰ্থিক সংকটত পৰি অতিৰিক্ত কাম হিচাপে তেওঁ টেক্সি চলাইছিল।

পুটিনে কয়, ‘’মই কিছু সময়ৰ বাবে দ্বিতীয় এটা কাম বিচাৰি ল’বলৈ বাধ্য হৈছিলো। মই টেক্সি চলাইছিলো। এই বিষয়ে কোৱাটো দুৰ্ভাগ্যজনক যদিও এইটোৱে ঘটিছিল।‘’

Related News