NORTHEAST NOW (Assamese)

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি অলিম্পিকত  দুটা পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত পি ভি সিন্ধু

August 1, 2021 7:25 pm · এন ই নাও নিউজ
Updated: August 1, 2021 7:26 pm

কালিৰ চেমি ফাইনেলত পৰাজয়ৰ পিছত টকিঅ’ অলিম্পিকত  আজি তৃতীয় স্থানৰ খেলত ব্ৰঞ্জৰ পদক জয় কৰিলে  ভাৰতীয় শ্বাটলাৰ পুছাৰলা ভেংকট  সিন্ধুৱে ।

সিন্ধুৱে আজি চীনৰ হে বিংজিয়াওক ২১-১৩, ২১-১৫ ছেটত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।

আজি এই জয়ৰ জৰিয়তে সিন্ধুৱে অলিম্পিকত  দুটা পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হ’ল। ইয়াৰ পূৰ্বে কোনো ভাৰতীয় মহিলা খেলুৱৈয়ে অলিম্পিকত দুটাকৈ পদক জয় কৰা নাছিল।

উল্লেখ্য ২০১৬ চনত অনুষ্ঠিত ৰিঅ’ অলিম্পিকত সিন্ধুৱে ৰূপৰ পদক  লাভ কৰিবলৈ সক্ষম হৈছিল।

সিন্ধুৰ এনে সাফল্যত আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে।

সিন্ধুক মোদীয়ে ‘ভাৰতৰ গৌৰৱ’ আখ্যা দিছে।শনিবাৰে সিন্ধুৱে চেমি ফাইনেলত চাইনীজ টাইপেইৰ তাই ঝু য়িঙৰ হাতত পৰাস্ত হৈছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও সিন্ধুক শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱেও সিন্ধুৰ সাফল্যত আনন্দ প্ৰকাশ কৰি টুইট কৰিছে।

Related News