NORTHEAST NOW (Assamese)
অসম

কামাখ্যা মন্দিৰ সংযোগী বিকল্প পথৰ নিৰ্মাণ কাৰ্য্য পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 28, 2019 4:24 pm
Himanta S Sarma

সোমবাৰে মালিগাঁৱৰ পৰা কামাখ্যা মন্দিৰলৈ যাব পৰা নিৰ্মীয়মান বিকল্প পথটোৰ কামৰ অগ্ৰগতিৰ বুজ লয় অসম চৰকাৰৰ গড়কপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়।

নিৰ্মাণ কাৰ্য্য পৰিদৰ্শন কালত গড়কপ্তানী বিভাগ আৰু অন্যান্য বিভাগৰ বিষয়াই মন্ত্ৰী শৰ্মাক সংগ দিয়ে।

H B S 2

‘‘৪.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে কামাখ্যা মন্দিৰলৈ যোৱা আৰু অধিক সহজ আৰু সুবিধাজনক হৈ পৰিব,’’ হিমন্ত বিশ্ব শৰ্মাই কয়।

‘‘মাটি আৰু অট্টালিকাৰ সাহায্যকে ধৰি পথটো নিৰ্মাণত মুঠ ১০৮ কোটি টকা খৰছ হ’ব,’’ শৰ্মাই লগতে কয়।

H B S 3

বিগত বৰ্ষৰ জানুৱাৰি মাহত নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱা পথটো তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে, মন্দিৰলৈ যোৱা নতুন পথটো সম্পূৰ্ণ হৈ উঠিলে অম্বুবাচী মেলাৰ সময়ত ভিৰ নিয়ন্ত্ৰণ আৰু নিয়ম-শৃংখলা বজাই ৰখাত সহায়ক হৈ উঠিব বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে ।