NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

৮ ভাৰতীয়ক কাটাৰত মৃত্যুদণ্ডৰ শাস্তি, স্তম্ভিত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক October 26, 2023 5:21 pm

৮ গৰাকীকৈ ভাৰতীয়ক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে কাটাৰে। কাটাৰৰ প্ৰথম পৰ্যায়ৰ আদালতে বৃহস্পতিবাৰে আল দহৰা কোম্পানীটোৰ ৮ জন ভাৰতীয় কৰ্মচাৰীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাৰতে কাটাৰ প্ৰশাসনৰ সৈতে বিষয়টো আলোচনা কৰিব।

উল্লেখ্য যে যোৱা বছৰৰ আগষ্ট মাহত কাটাৰ প্ৰশাসনে ভাৰতীয় নৌসেনাৰ ৮ গৰাকী প্ৰাক্তন বিষয়াক গ্ৰেপ্তাৰ কৰিছিল।

যোৱা ২৯ মাৰ্চত বিষয়া কেইগৰাকীৰ বিৰুদ্ধে কাটাৰৰ আদালতে প্ৰথম শুনানি গ্ৰহণ কৰিছিল।  

যোৱা বছৰৰ ৩০ আগষ্টৰ নিশা কাটাৰৰ চোৰাংচোৱা সংস্থা ষ্টেট ছিকিউৰিটি ব্যুৰোৱে এই তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু ভাৰতীয় দূতাবাসে প্ৰথমে এই গ্ৰেপ্তাৰৰ বিষয়ে জানিব পাৰিছিল ছেপ্টেম্বৰৰ মাজভাগতহে।

যোৱা বছৰৰ ৩০ ছেপ্টেম্বৰত আতকাধীন প্ৰাক্তন বিষয়াকেইগৰাকীক পৰিয়ালৰ সদস্যৰ সৈতে চমু টেলিফোনিক যোগাযোগৰ অনুমতি দিয়া হৈছিল। অৱশ্যে ইয়াৰ পাছত ৩ অক্টোবৰত ভাৰতীয় দূতাবাসৰ চেষ্টাত কৰাৰুদ্ধ বিষয়া কেইগৰাকীক পৰিয়ালৰ সৈতে সাপ্তাহিকভাৱে টেলিফোনিক যোগাযোগৰ অনুমতি প্ৰদান কৰিছিল কাটাৰ প্ৰশাসনে।

লোক কেইজনক একক কাৰাগাৰত ৰখা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো তথ্য প্ৰমাণ নাই বুলি দাবী কৰি তেওঁলোকৰ পৰিয়ালে নতুন দিল্লীক তেওঁলোকক শীঘ্ৰে মুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাই আহিছে।

কিন্তু ইয়াৰ মাজতে হঠাতে বৃহস্পতিবাৰে খবৰ আহিছে যে কাটাৰৰ প্ৰথম পৰ্যায়ৰ আদালাতে তেওঁলোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা আঠজন নৌসেনাৰ প্ৰাক্তন বিষয়া হৈছে ক্ৰমে কেপ্তেইন নৱতেজ সিং গিল, কেপ্তেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ পুৰেন্দু তিৱাৰী, কেপ্তেইন বীৰেন্দ্ৰ কুমাৰ ভাৰ্মা, কমাণ্ডাৰ সুগুনাকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা, কমাণ্ডাৰ অমিত নাগপাল আৰু নাৱিক ৰাগেশ।

তেওঁলোকে প্ৰতিৰক্ষা সেৱা দহৰা গ্লবেল টেকনলজিছ এণ্ড কনছালটেন্সি চাৰ্ভিচেছত কাম কৰি আছিল। এইটো হৈছে ৰয়েল ওমানী বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত স্ক্ৱাড্ৰন নেতা এজন ওমানীয়া নাগৰিকৰ মালিকানাধীন কোম্পানী। তেওঁকো আঠজন ভাৰতীয়ৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল যদিও নৱেম্বৰ মাহত তেওঁক মুকলি কৰি দিয়া হৈছিল।

ইফালে বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে মন্ত্ৰলায়ে পৰিয়ালৰ সদস্য আৰু আইনী দলৰ সৈতে যোগাযোগত ৰাখিছে আৰু সকলো আইনী বিকল্পৰ সন্ধান কৰি আছে।

আমি এই গোচৰটোক অতি গুৰুত্ব দিছো, আৰু ইয়াক তীক্ষ্মভাৱে অনুসৰণ কৰি আহিছো। আমি সকলো কনছুলাৰ আৰু আইনী সহায় আগবঢ়াই যাম। আমি কাটাৰ কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ গ্ৰহণ কৰিম। এই গোচৰৰ কাৰ্য্যবিধিৰ গোপনীয় প্ৰকৃতিৰ বাবে এই সন্ধিক্ষণত আৰু কোনো মন্তব্য কৰাটো উপযুক্ত নহব। ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ বিবৃতিত এইদৰে কোৱা হৈছে।