NORTHEAST NOW (Assamese)

কৰ্ণাটকৰ চৰকাৰী অনুষ্ঠানত কোৰআন পাঠ! কংগ্ৰেছক সমালোচনা বিজেপিৰ

October 10, 2025 6:12 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 10, 2025 6:37 pm

কংগ্ৰেছ শাসিত কৰ্ণাটকত চৰকাৰী অনুষ্ঠানত কোৰআন পাঠক লৈ সৃষ্টি হৈছে বিতৰ্কৰ! সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা ভিডিঅ’।  বিজেপিয়ে কৰ্ণাটক চৰকাৰ বিৰুদ্ধে এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে।  চৰকাৰী অনুষ্ঠানত কোৰআন পাঠ কৰা বুলি অভিযোগ উত্থাপন কৰিছে গেৰুৱা শিবিৰে।

অনুষ্ঠানটো আছিল কৰ্ণাটকৰ হুব্বল্লীত। ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা গৈছে যে তাত কোৰআন পাঠ হৈ আছে।

ৰাজ্যিক বিজেপিৰ উপ-সভাপতি তথা বিজেপিৰ বিধায়ক অৰবিন্দ বেলাৰ্ডে কয়, “এইটা এটা চৰকাৰী অনুষ্ঠান। ইয়াত কোৰআন পাঠ কৰিবলৈ ইমামক কিয় মাতিলে? চৰকাৰী অনুষ্ঠানত কংগ্ৰেছৰো পতাকা আছিল। উপস্থিত চৰকাৰী বিষয়াসকলে দলৰ কৰ্মীৰ দৰে আচৰণ কৰিছিল।”

অৰবিন্দে এক্স হেণ্ডেলতো লিখিছে, “চৰকাৰী কামৰ অপব্যৱহাৰ কৰা হৈছে। এই বিষয়ৰ মুখ্য সচিবে তদন্ত কৰিব লাগে।”

আনহাতে, হুবল্লীত চৰকাৰী অনুষ্ঠানত উপস্থিত থকা ৰাজ্যিক মন্ত্ৰী সন্তোষ লাডে কয়, “এটা নিৰ্দিষ্ট ভিডিঅ দেখুওৱা হৈছে। যত কোৰআন পাঠ কৰা হৈছিল। তাত হিন্দু দেৱ-দেৱীৰ মন্ত্ৰও পাঠ কৰা হৈছিল। এই বিষয়ত মোৰ কোনো আপত্তি নাই।

লেডে আৰু দাবী কৰিছিল যে এইটো ঠিক চৰকাৰী অনুষ্ঠান নহয়। তেওঁ কয়, “কংগ্ৰেছ সমৰ্থক উদ্যোগপতিসকলে এই অনুষ্ঠানৰ আয়োজন কৰিছিল।

Related News