NORTHEAST NOW (Assamese)

ফেব্ৰুৱাৰী মাহৰ ‘আইচিচি প্লেয়াৰ অৱ দ্যা মান্থ’ বিবেচিত হ’ল টীম ইণ্ডিয়াৰ ৰবীচন্দ্ৰন অশ্বিন

March 9, 2021 7:05 pm · এন ই নাও নিউজ

টীম ইণ্ডিয়াৰ স্পীন বিশেষজ্ঞ ৰবীচন্দ্ৰন অশ্বিন ফেব্ৰুৱাৰী মাহত ‘আইচিচি প্লেয়াৰ অৱ দ্যা মান্থ’ হিচাপে বিবেচিত হৈছে।

আইচিচি ভোটিং একাডেমীৰ প্ৰতিনিধি তথা ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ  ইয়ান বিছপে অশ্বিনক ফেব্ৰুৱাৰী মাহৰ বিজয়ী হোৱাৰ বাবে অভিনন্দন জনায়।

উল্লেখযোগ্য যে শেহতীয়া টেষ্ট শৃংখলাটোত অশ্বিনে ৩২টাকৈ উইকেট লাভ কৰাৰ উপৰিও এটা শতকসহ ১৮৯ ৰাণ সংগ্ৰহ কৰিছে।তদুপৰি শৃংখলাটোত অশ্বিনে ৪০০টা টেষ্ট উইকেট সম্পূৰ্ণ কৰে।

এই অনবদ্য প্ৰদৰ্শনৰ বাবে স্পীনাৰজনক ‘প্লেয়াৰ অৱ দ্যা চিৰিজো’ প্ৰদান কৰা হৈছিল।

ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়া টেষ্ট শৃংখলাটোত বেটে-বলে চমক সৃষ্টি কৰাৰ বাবেই অশ্বিনক এই সন্মান প্ৰদান কৰা হৈছে।

বিছপে কয় যে শৃংখলাটোত ধাৰাবাহিক উইকেট লাভ, দ্বিতীয় টেষ্টৰ নিৰ্ণায়ক শতকীয় ইনিংছৰ দ্বাৰা অশ্বিনে ভাৰতীয় দলটোৰ বিজয়ত অনবদ্য বৰঙণি আগবঢ়ালে।

আনহাতে আইচিচিৰ প্লেয়াৰ অৱ দ্যা মন্থৰ মহিলা ক্ৰিকেটাৰৰ শিতানত শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে ইংলেণ্ডৰ টাম্মী বীমণ্ট।

নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া শৃংখলাটোত তিনিটাকৈ অৰ্ধশতক অৰ্জন কৰাৰ বাবে বীমণ্টক এই সন্মান প্ৰদান কৰা হৈছে।

Related News