NORTHEAST NOW (Assamese)
Popular Stories

ব্ৰহ্মাণ্ড সুন্দৰী! আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ’বনি গেব্ৰিয়েল হ’ল মিছ ইউনিভাৰ্ছ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 15, 2023 2:07 pm

এই বছৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ মুকুট পিন্ধোৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ’বনি গেব্ৰিয়েলক। যোৱা বছৰৰ মিছ ইউনিভাৰ্ছ হৰ্নাজ সান্ধুৱে তেওঁক মিছ ইউনিভৰ্ছৰ মুকুট পিন্ধাই দিয়ে।

ভেনিজুৱেলা আৰু ডমিনিকান ৰিপাব্লিকে এই বছৰ মিছ ইউনিভাৰ্ছৰ মঞ্চত শীৰ্ষ তিনিটা স্থানত স্থান লাভ কৰিছে।

এই বছৰৰ মিছ ইউনিভাৰ্ছৰ শীৰ্ষ প্ৰতিযোগী তিনিজন। প্ৰথম ৰানাৰ আপ ভেনিজুৱেলাৰ আৰু দ্বিতীয় ৰানাৰ-আপ হৈছে ডমিনিকান ৰিপাব্লিকৰ প্ৰতিযোগী।

https://twitter.com/OpaoGee/status/1614478313312985093

সৰুৰে পৰা মিছ ইউনিভাৰ্ছ হোৱাৰ সপোন দেখিছিল গেব্ৰিয়েলে। সেই সপোনটো এই বছৰ সঁচা হ’ল।

ভাৰতীয় মডেল আৰু অভিনেত্ৰী হৰ্নাজ সান্ধুৱে এই বছৰ আকৌ এবাৰ মিছ ইউনিভাৰ্ছৰ মঞ্চত খোজ দিছিল। এসময়ত তেওঁ আৱেগিক হৈ পৰিছিল।