NORTHEAST NOW (Assamese)
অসম

ৰাস উপলক্ষে মাজুলীত স্থানীয় বন্ধ ঘোষণা

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ November 9, 2019 7:16 pm
Web site Majuli Raas festival: Local holiday declared in Majuli

মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ উপলক্ষে অহা ১১ নৱেম্বৰৰ দিনটো মাজুলী জিলাৰ বাবে প্ৰযোজ্য হোৱাকৈ ‘স্থানীয় বন্ধ’ৰ দিন ঘোষণা কৰিছে জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে।

ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰদত্ত কৰ্তৃত্বৰ আধাৰত উপায়ুক্তগৰাকীয়ে আজি এই সম্পৰ্কীয় এক আদেশ জাৰি কৰে।

এই আদেশ অনুসৰি অহা সোমবাৰৰ দিনা মাজুলী জিলাত থকা অসম চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কাৰ্যালয়, আদালত, শিক্ষানুষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান-নিকায়, বেংক প্ৰতিষ্ঠান বন্ধ থাকিব।

তদুপৰি, এন আই এক্টৰ অধীনত জিলাখনৰ সকলোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো এই স্থানীয় বন্ধ প্ৰযোজ্য হ’ব।

উল্লেখ্য যে, বিগত বছৰসমূহৰ দৰে এইবাৰো মাজুলীৰ বিভিন্ন সত্ৰৰ লগতে গাঁৱৰ ৰাসমঞ্চসমূহত অহা ১১ নৱেম্বৰৰ পৰা ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে।

বেছি সংখ্যক ৰাসমঞ্চতে অহা ১৩ নৱেম্বৰলৈকে তিনিদিনীয়াকৈ ৰাসৰ আয়োজন কৰা হৈছে যদিও উত্তৰ কমলাবাৰী সত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অহা ১৫ নৱেম্বৰলৈ ৰাস উৎসৱ চলিব।

আনহাতে একাধিক ৰাস আয়োজক সমিতিয়ে ১৩ নৱেম্বৰত বিৰতি দি পুনৰ ১৪ নৱেম্বৰত অন্তিম নিশাৰ ৰাসলীলা মঞ্চায়নৰ ব্যৱস্থা কৰিছে।