NORTHEAST NOW (Assamese)
অসম

আজি বিষ্ণু ৰাভা দিৱস, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুঞ্জৰিত বিষ্ণু ৰাভা সংগীত,আহমেদাবাদতো কলাগুৰুক স্মৰণ

Posted by: এন ই নাও নিউজ , মৃদুল প্ৰীতম ডেকা Updated by: এন ই নাও নিউজ , মৃদুল প্ৰীতম ডেকা June 20, 2021 12:00 pm
rabha

আজি ২০ জুন। সমগ্ৰ ৰাজ্যত আজি কলা গুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সুঁৱৰিছে ৰাজ্যবাসীয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্ত আজি কোভিড পৰিস্থিতিৰ মাজতে অনুষ্টুপীয়াকৈ হ’লে জনতাই ৰাভাক স্মৰণৰ দিহা কৰিছে।গুৱাহাটী মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়েও অনলাইন কাৰ্যসূচীৰ জৰিয়তে বিষ্ণু ৰাভাক স্মৰণ কৰে।

গুজৰাটৰ আহমেদাবাদতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সুৱঁৰিছে প্ৰবাসী অসমীয়াই।
আহমেদাবাদৰ অসম সন্থাৰ মহিলা সকলৰ উদ্যোগত আয়োজন কৰা হৈছে ৰাভা দিৱস। আহমেদাবাদত আজি গুঞ্জৰিত হৈছে ৰাভা সংগীত। ৰাভা সংগীতৰ মূর্ছানাত জীপাল হৈছে আহমেদাবাদৰ পৰিবেশ।

১৯৬৯ চনৰ ২০ জুন তাৰিখে তেজপুৰত শেষ নিশ্বাস ত্যাগ কৰিছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই।

বিষ্ণু ৰাভাৰ মৃত্যু দিৱসটোৱেই ৰাভা দিৱস হিচাপে পালন কৰই অহা হৈছে।

dog
আহমেদাবাদত ৰাভা দিৱস পালন

১৯০৯ চনৰ ৩০ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী।  গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ  আছিল যদিও এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। এচা সময়ত তেওঁ  ‘ৰাভা’ উপাধি গ্ৰহণ কৰিছিল।

বিষ্ণু ৰাভাই বৃ্হত্তৰ অসম কিম্বা বৰ অসমৰ চিন্তাটো কৰিছিল। তেৱোঁ অসমত শংকৰী চিন্তা আৰু সংস্কৃতিৰ পুনৰুজ্জীৱনৰ মাজেদি, কীৰ্তনঘোষা, নামঘোষাৰ শৌৰ্য্য-বীৰ্য্যৰে, নাট-গীত-নাম-বৰগীতৰ তুৰ্যনাদেৰে আজিৰ অসমৰ সমূহ জনগোষ্ঠী তথা নগা, খাচি, মণিপুৰীকে ধৰি উত্তৰ-পূবৰ সমূহ জাতিকে সামৰি, ঐক্যবদ্ধ কৰি বৰ অসমৰ কাঠাম তৈয়াৰ কৰাৰ কথা ভাবিছিল।

তেওঁ কৈছিল, “সৰু সৰু জুৰি-নিজৰি উপনৈৰ সমন্বিত শকতিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা আৰু বিৰাটতা লাভ কৰিছে, ঠিক তেনেকৈ অসমৰ বহুজাতি,উপজাতি আৰু জনজাতিৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্যয়ো বিশালতা আৰু বিৰাটতা লাভ কৰিছে।”