NORTHEAST NOW (Assamese)
Popular Stories

World Cup 2023 Points Table: অংক হৈ পৰিছে জংক পংক! ভাৰতক অতিক্ৰমি পুনৰ শীৰ্ষত দক্ষিণ আফ্ৰিকা; নিউজিলেণ্ডৰ পৰাজয়ে সুযোগ আনি দিছে পাকিস্তানক

Posted by: এন ই নিউজ, গুৱাহাটী Updated by: এন ই নিউজ, গুৱাহাটী November 2, 2023 8:02 am

দক্ষিণ আফ্ৰিকাৰ হাতত বৃহৎ ব্যৱধানত পৰাস্ত হৈ নিউজিলেণ্ড বিশ্বকাপৰ পইণ্ট তালিকাৰ পৰা পিছলি পৰিল। আৰু কিছু অঘটন ঘটিলেই নিউজিলেণ্ড ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব পাৰে।

নিউজিলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয়ৰ বাবে দক্ষিণ আফ্ৰিকা পুনৰ লীগ তালিকাৰ শীৰ্ষত আৰোহণ কৰিছে। তেওঁলোকে টীম ইণ্ডিয়াক সিংহাসনৰ পৰা নমাই দিলে।

বৰ্তমান দক্ষিণ আফ্ৰিকাই ৭খন মেচৰ ৬খনত জয়েৰে ১২ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থানত আছে। তেওঁলোকৰ নেট ৰান-ৰেট হৈছে +২.২৯০। চলিত বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ ৰান ৰেট আটাইতকৈ ভাল।

দক্ষিণ আফ্ৰিকাতকৈ এখন মেচ কম খেলি ভাৰতে ১২ পইণ্ট সংগ্ৰহ কৰিছে। ৰোহিত বাহিনী ৬ খন মেচত জয়লাভ কৰিছে। ইয়াৰ পিছতো টীম ইণ্ডিয়াই পুনৰ লীগ টেবুলৰ দ্বিতীয় স্থানলৈ নামিবলগীয়া হৈছিল।

দৰাচলতে পইণ্টৰ সংখ্যা সমান হ’লেও নেট ৰান ৰেটৰ ক্ষেত্ৰত ভাৰত প্ৰটিয়াছতকৈ পিছ পৰি আছে। টীম ইণ্ডিয়াৰ নেট ৰান ৰেট হৈছে +১.৪০৫।

নিউজিলেণ্ডৰ পৰাজয়ত লাভ হৈছে অষ্ট্ৰেলিয়াৰ। তেওঁলোকে লীগ তালিকাত তৃতীয় স্থান দখল কৰিছে। অষ্ট্ৰেলিয়াই প্ৰথম ৬খন খেলৰ পৰা ৪খনত জয়েৰে ৮ পইণ্ট সংগ্ৰহ কৰিছে। তেওঁলোকৰ নেট ৰান-ৰেট হৈছে +০.৯৭০।

এতিয়া নিউজিলেণ্ডৰ ছন্দপতন আৰু অষ্ট্ৰেলিয়াৰ ছন্দলৈ ওভতাৰ ধাৰাই শেহতীয়াকৈ জয়ৰ পথলৈ অহা পাকিস্তানৰ বাবে সুযোগ আনি দিছে।